ভয়ংকৰ দুৰ্ঘটনা! দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক, থিতাতে নিহত দুই পুৰুষ-মহিলা…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত দুই পুৰুষ-মহিলা।

চিৰাঙৰ চাপাগুৰিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাপাগুৰীৰ চাৰিআলিত ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক।

জানিব পৰা মতে, গুৱাহাটীমুখী WB-59B- 5220 নম্বৰৰ ট্ৰাকখনে পিছফালৰ পৰা খুন্দা মাৰে বৰপেটা অভিমুখী AS-19D-9044 নম্বৰৰ বাইকখনক। যাৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

নিহত বাইক চালকজন বেংতলগে’টৰ উজ্জ্বল দাস।

আনহাতে উদ্ধাৰ হোৱা নাই মৃত মহিলাগৰাকী পৰিচয়।

দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাক চালকজন।