আকৌ ঘূৰি আহিছে কিশোৰ দাস! মুক্তি পালে তেওঁ অভিনীত, দিৱস দৰ্শন পৰিচালিত অন্তিমখন ছবি ‘অমিতাভ’

নিউজ ডেস্কঃ মৃত্যুৱে আমাৰ মাজৰ পৰা কাঢ়ি নিয়া প্ৰতিভাসম্পন্ন অভিনেতা কিশোৰক পুনৰ এবাৰ দেখা পাব অনুৰাগীয়ে। শুকুৰবাৰে মুক্তিলাভ কৰা এখন অসমীয়া ছবিত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰৰ অভিনয় কৰি দৰ্শকৰ মাজলৈ যেন উভতি আহিছে মৃত্যুৰ বাটেৰে গুচি যোৱা অভিনেতা কিশোৰ দাস।

শুকুৰবাৰে মুক্তি লাভ কৰে উদিয়মান সাংস্কৃতিক কৰ্মী দিৱস দৰ্শনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত এখন ভিন্ন সোৱাৰ অসমীয়া কথাছবি ‘অমিতাভ’এ।

image 150
আকৌ ঘূৰি আহিছে কিশোৰ দাস! মুক্তি পালে তেওঁ অভিনীত, দিৱস দৰ্শন পৰিচালিত অন্তিমখন ছবি 'অমিতাভ’ 4

গ্ৰামাঞ্চলৰ এগৰাকী শিক্ষক আৰু সমাজৰ মাজত ঘটা কিছু বাস্তৱ জলন্ত সমস্যাক কাল্পনিক ৰহণ সানি নিৰ্মাণ কৰা এই ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনি, অৰুণ হাজৰিকা, দেৱজিত মজুমদাৰ, ভাৰ্গৱ কটকী, অমুল্য কুমাৰ আদিৰ দৰে নবীন-প্ৰবীণ কে’বাগৰাকীও কলা-কুশলীয়ে।

লক্ষণীয়ভাৱে এই অভিতাভ ছবিখনেই হৈছে কিছুদিন পূৰ্বে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ চিৰবিদায় লোৱা যুৱ অভিনেতা কিশোৰ দাসৰ জীৱনৰ অন্তিমখন ছবি। সম্পূৰ্ণ গাঁৱৰ পৰিৱেশত দৃশ্যগ্ৰহণ কৰা এই ছবিখনৰ সংগীত দিছে কুশল মিৰ্জাই। দৃশ্যগ্ৰহণ আৰু সম্পাদনা সৌৰভ বৈশ্য, শব্দ ভূপেন উজিৰৰ।

photo1660982971
আকৌ ঘূৰি আহিছে কিশোৰ দাস! মুক্তি পালে তেওঁ অভিনীত, দিৱস দৰ্শন পৰিচালিত অন্তিমখন ছবি 'অমিতাভ’ 5

ছবিখনৰ দৃশ্যগ্ৰহণ হৈছে দক্ষিণ কামৰূপৰ পলাশবাৰী, কুকুৰমাৰা, ৰঙামাটি, ৰাণ, চানডুবিকে ধৰি অসম-মেঘালয় সীমান্তৰ কেতবোৰ মনমোহা স্থানত।

উল্লেখ্য যে, এই ছবিখনৰ মুক্তিলাভৰ লগে লগে ছবিখনৰ পৰিচালক দিৱস দৰ্শনৰ কণ্টকময় সাংস্কৃতিক যাত্ৰাইও প্ৰভাৱিত কৰিছে অনেক জনক। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ সৰপাৰা গাঁৱৰ এজন সাধাৰণ মাংস বিক্ৰেতা দিৱস দৰ্শনে অশেষ কষ্ট, পৰিশ্ৰম আৰু অধ্যাৱসায়ৰে চিত্ৰপ্ৰেমীক উপহাৰ দিবলৈ সক্ষম হৈছে ‘অমিতাভ’ শীৰ্ষক পূৰ্ণদৈৰ্ঘ্যৰ ছবিখন।

photo1660982967
আকৌ ঘূৰি আহিছে কিশোৰ দাস! মুক্তি পালে তেওঁ অভিনীত, দিৱস দৰ্শন পৰিচালিত অন্তিমখন ছবি 'অমিতাভ’ 6

এই ছবিখনৰ দৃশ্যগ্ৰহণ ২০১৭ চনত আৰম্ভ হৈছিল যদিও বিশ্বজুৰি সন্ত্ৰাস বিয়পোৱা কোভিড মহামাৰীৰ বাবে দৃশ্যগ্ৰহণ সম্পন্ন হওতে ৩ বছৰ লাগে। শুকুবাৰে ৰাজ্যৰ ছবিগৃহত মুক্তিলাভ কৰা এই ছবিখনে ছবিপ্ৰেমীৰ পৰা যোগাত্মক সঁহাৰি লাভ কৰিব বুলি আশা কৰিছে ছবিখনৰ সৈতে জড়িত সকলোৱে।