মূল্যবান হোলোং গছ কাটি খৰিৰ বাবে যোগান ধৰি আহিছিল চুলাই ভাতীত! কাকপথাৰত ৩ বনদস্যুক আটক

নিউজ ডেস্কঃ গছ কাটি বন ধ্বংসযজ্ঞ চলাই যোৱা তিনি বনদস্যুক বৃহস্পতিবাৰে হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্লৰ অধীনৰ কাকপথাৰ বন বিভাগে।

ডুমডুমা সংৰক্ষিত বনাঞ্চলৰ মূল্যবান হোলোং গছ কাটি খৰিৰ বাবে চুলাই মদৰ ঘাতীসমূহত যোগান ধৰি অহা তিনি চোৰাং ব্যৱসায়ীক কাকপথাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বন বিষয়াৰ নেতৃত্বত বন কৰ্মীৰ এটা দলে গছ কাটি থকা অৱস্থাত কৰায়ত্ব কৰে।

ধৃত যুৱককেইজন টঙনা আৰক্ষী থানাৰ অন্তৰ্গত ৰংপুৰ আঠাইশৰ অৰুণ তাছা (২২), বিক ভক্তা (২৩) আৰু মার্কুচ মুণ্ডা (২০) বুলি জানিব পৰা গৈছে।

photo1660914740
মূল্যবান হোলোং গছ কাটি খৰিৰ বাবে যোগান ধৰি আহিছিল চুলাই ভাতীত! কাকপথাৰত ৩ বনদস্যুক আটক 2

বন বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, এই যুৱক কেইজনে ৪ জোপা মূল্যবান হোলো গছ খৰিৰ বাবে কাটি থৈছিল। দেশী চুলাইৰ ভাতী সমূহলৈ সেই খৰি সৰবৰাহ কৰি আহিছিল বনদস্যু কেইজনে।

উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অধীনৰ প্রায়কেইখন বনাঞ্চল বর্তমানে ধ্বংসৰ গৰাহত পৰিছে। বনাঞ্চলৰ বহু মূল্যবান গছ-গছনি চোৰাং ব্যাৱসায়ীয়ে কাটি গোপনে সৰবৰাহ কৰি আহিছিল। একাংশ বন কৰ্মী আৰু বিষয়াৰ সৈতে মিতিৰালি কৰি এনেদৰে একাংশ লোকে বনাঞ্চল তহিলং কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে ৰাইজে।