ভাড়াঘৰত থাকি ৰচনা কৰিছিল কূটাঘাতৰ ব্লু প্ৰিণ্ট! আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ২ জেহাদী

নিউজ ডেস্কঃ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকাৰ সন্দেহত বুধবাৰে নিশা পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণাৰ চাছানৰ পৰা গ্ৰেপ্তাৰ কৰা হয় দুজন জেহাদীক।

বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত ৰাজ্যিক আৰক্ষীৰ টাস্ক ফ’ৰ্চে অভিযান চলাই নিশা প্ৰায় ৮ বজাত চাছানৰ শিমান থানাৰ অন্তৰ্গত খাৰিবাৰী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে জেহাদী দুজনক।

2 jehadi kolkata
ভাড়াঘৰত থাকি ৰচনা কৰিছিল কূটাঘাতৰ ব্লু প্ৰিণ্ট! আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ২ জেহাদী 2

ধৃত জেহাদী দুজনৰ পৰিচয় দক্ষিণ দিনাজপুৰৰ গংগাৰামপুৰৰ আব্দুৰ ৰকিব সৰকাৰ ওৰফে হাবিবুল্লাহ আৰু হুগলীৰ আৰামবাগৰ কাজী আহছানুল্লাহ ওৰফে হাছান বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। দুয়োজন অভিযুক্তৰ পৰা জেহাদী ধৰ্মগ্ৰন্থ আৰু অন্যান্য আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰা হৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে, এই দুই জেহাদীয়ে কলকতাৰ তাপছিয়া অঞ্চলত এটা ভাড়াঘৰত বাস কৰি জেহাদী কাৰ্যকলাপ চলাই গৈছিল। আৰক্ষীৰ টাস্ক ফ’ৰ্চে বুধবাৰে নিশা দুয়োকে আটক কৰি সোধাপোছা কৰাত, কথাৰ অসামঞ্জস্যতা ধৰাৰ পৰাৰ পিছতে গ্ৰেপ্তাৰ কৰে।