ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ ‘কা’ আন্দোলন…

ৰজ্যজুৰি আজিৰে পৰা আৰম্ভ হ’ব কা আন্দোলন।

২০২০ চনৰ ১১ ডিচেম্বৰত আৰম্ভ হোৱা এই ‘কা’ আন্দোলনৰ পুনৰাবৃত্তি আজিৰে পৰা হ’ব।

ছাত্ৰ নেতা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত তথা নেছ’ৰ উদ্যোগত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সন্থাই আৰম্ভ কৰিব কা আন্দোলন।

উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও জলন্ত সমস্যা সমাধানৰ দাবীৰ লগতে ‘কা’ প্ৰত্যাহাৰৰ দাবীত ত্ৰিপুৰাৰ পৰা অসমলৈকে উত্তৰ-পূবৰ ৭ ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে নেছ’।

মঙলবাৰে অসমৰ এক সংবাদ গোষ্ঠীৰ সৈতে বাৰ্তালাপ কৰি নেছ’ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে, বুধবাৰে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ নেছ’ৰ দ্বাৰা শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব।

photo1660654784
ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ ‘কা’ আন্দোলন... 4

অসম, অৰুণাচল প্ৰদেশ তথা মেঘালয়ৰ বান সমস্যা সমাধানৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কৰা, উত্তৰ পূবত বহিৰাগতৰ প্ৰৱজন প্ৰতিৰোধ কৰা, খিলঞ্জীয়া জনগোষ্ঠীসমূহক সাংবিধানিক সুৰক্ষা প্ৰদান কৰা, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা আৰু বৃদ্ধি পোৱা মৌলবাদী শক্তি প্ৰতিৰোধ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিব নেছ’ৱে।

photo1660654789
ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ ‘কা’ আন্দোলন... 5

উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ৩ আগষ্টত গুৱাহাটীত অনুষ্ঠিত হৈছিল নেছ’ৰ কেন্দ্ৰীয় সমিতিৰ এখন বৈঠকত। এই বৈঠকৰ পিছতে ১৭ আগষ্টৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ ঘোষণা কৰিছিল নেছ’ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

এই ক্ষেত্ৰত ড০ হীৰেণ গোঁহাইয়ে মন্তব্য কৰে যে, ২০২০ চনতে শ্বহীদ হোৱা ৫ শ্বহীদৰ বৰ্তমানেও তদন্ত নহয়। নিজৰ দেশত অবৈধ বিদেশীৰ প্ৰৱেশত বাধা দিবৰ বাবে ওলাই আহিছিল হাজাৰ হাজাৰ জনতা। তাৰে মাজৰ ৫জন শ্বহীদ হৈছিল। কিন্তু সেই শ্বহীদৰ পৰিয়ালে আজিও নাপালে ন্যায়।

image 120
ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ ‘কা’ আন্দোলন... 6

ন্যায়ালয়ে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে অন্তৱৰ্তীকালীন সাহায্য হিচাপে ১৮ বছৰ বয়সৰ ওপৰত ৩ লাখ টকা আৰু ১৮ বছৰ বয়সৰ তলৰ শ্বহীদক ২ লাখ টকাকৈ সাহায্য দিয়াৰ বাবে নিৰ্দেশ দিছিল। কিন্তু কভিড মহামাৰীৰ ফলত চৰকাকে তিনি বছৰে তদন্তৰ প্ৰতিবেদন আয়োগক দাখিল কৰিব নোৱাৰাৰ লগতে অন্তৱৰ্তীকালীন সাহায্য প্ৰদান নকৰিলে। এই কথা এক সংবাদমেলত ব্যক্ত কৰে ড০ হীৰেণ গোঁহাইয়ে।

দেশজুৰি হব লগা এই আন্দোলনৰ ক্ষেত্ৰত ছাত্ৰ নেতা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ব্যক্ত কৰে যে সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এই আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। লগতে তেওঁ কয় যে অসমৰ ৰাইজে কা মনা নাই, অসম আৰু উত্তৰ–পূৰ্বাঞ্চলে অবৈধ বিদেশী বোজা নলয় বুলিও প্ৰকাশ কৰে।