প্ৰদেশ কংগ্ৰেছত অব্যাহত আছে খহনীয়া।
নতুনকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱা ভূপেন বৰাৰ কাৰ্যকালতো হ’ল পদত্যাগ আৰম্ভণি।
এইবাৰ দল এৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ডাইৱান হুছেইনে।
পূৰ্ৱতে ভাৰতীয় যুৱ কংগ্ৰেছৰো সম্পাদক আছিল ডাইৱান হুছেইন।
৬ আগষ্ট তাৰিখে ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু জীতেন্দ্ৰ সিং লগতে অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি ভূপেন বৰালৈ লিখিত আকাৰে নিজৰ পদত্যাগৰ কথা জনায় ডাইৱান হুছেইনে।

২৩ বছৰে কংগ্ৰেছৰ হৈ কাম কৰাৰ পাছতো কোনো শীৰ্ষ পৰ্যায়ৰ নেতাৰ চকুত নপৰাৰ বাবে দুখ প্ৰকাশ কৰি কংগ্ৰেছ ত্যাগ কৰাৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰে পত্ৰত।









