অসম

শোকাৱহ! বিধায়কৰ কাৰ্যালয়ত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে জিতু ঠাকুৰীয়াই…

স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে সোমবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা।

এগৰাকী বিধায়কৰ কাৰ্যালয়ত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এজন লোকে।

পলাশবাৰীৰ উপৰহালীস্থিত বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াৰ কাৰ্যালয়ত সংঘটিত হয় এই অঘটন।

জানিব পৰা মতে, সোমবাৰে বিয়লি বিধায়ক হেমাংগ ঠাকুৰীয়াৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা নমাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈছিল জিতু ঠাকুৰীয়া নামৰ লোকজন।

image 116

পতাকা উত্তোলন কৰা মাৰি দাল লোৰ হোৱা বাবে যুৱকজনে অকলে নোমোৱাৰ সময়ত তাৰ ভৰ ৰাখিব নোৱাৰিলে আৰু ওচৰেৰে যোৱা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ প্ৰবাহিত তাঁৰত লাগি লোকজন মাটিত পৰি যায়।

image 41

লোকজনক ততাতৈয়াকৈ প্ৰথমে মিৰ্জা মেডিকেল তাৰ পিছত নেমকেয়াৰ হস্পিতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত মৃত্যুক আঁকোৱালি লয় জিতু ঠাকুৰীয়াই।

image 117

জিতু ঠাকুৰীয়াৰ ঘৰত আছে পত্নীসহ দুটিকৈ কনমানি সন্তান।

লগতে চাওকঃ

পাৰিবাৰিক কন্দল! দ পুখুৰীত জঁপিয়াই একেলগে জীৱন শেষ কৰিলে ৬ মাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা কমল-পূৰৱীয়ে

G6 3