আৰক্ষী বিষয়াৰ ৰূপত এটি কণমানি, হাতত ত্ৰিৰংগা লৈ ৰাজ্যবাসীক যাঁচিলে স্বাধীনতা দিৱসৰ শুভেচ্ছা…

কাইলৈ স্বাধীনতা দিৱস।

এইবাৰ তিনিদিনীয়াকৈ দেশত উদযাপন হৈছে স্বাধীনতা দিৱস। ঘৰে ঘৰে উৰিছে ত্ৰিৰংগা।

দেশৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী হাতত লোৱা হৈছে।

ইয়াৰ মাজতে ৰাজ্যৰ এখন আৰক্ষী থানাত হাতত ত্ৰিৰংগা লৈ আৰক্ষী বিষয়াৰ ৰূপত দেখা গ’ল এটি কণমানিক।

কলিয়াবৰত ৫ বছৰীয়া কণমানি হ’ল আৰক্ষী বিষয়া।

কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ চকীত কণমানি আৰক্ষী বিষয়া।

image 107
আৰক্ষী বিষয়াৰ ৰূপত এটি কণমানি, হাতত ত্ৰিৰংগা লৈ ৰাজ্যবাসীক যাঁচিলে স্বাধীনতা দিৱসৰ শুভেচ্ছা... 2

প্ৰকৃততে এগৰাকী সুদক্ষ আৰক্ষী বিষয়া হোৱাৰ দুৰ্বাৰ হেঁপাহ ৰখা কলিয়াবৰৰ প্ৰথম শ্ৰেণীত অধ্যয়ণৰত মনদ্বীপ শৰ্মা নামৰ কণমানিটোক কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাই কিছু সময়ৰ বাবে আৰক্ষীৰ চকীত বহিবলৈ দি কণমানিটোৰ আশা পূৰণ কৰে।

ডাঙৰ হৈ IPS বিষয়া হোৱা প্ৰৱল ইচ্ছা কণমানি মনদ্বীপ শৰ্মাৰ।

হাতত জাতীয় পতাকা লৈ ৰাজ্যবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছাও দিলে কণমানি মনদ্বীপ শৰ্মাই।