দিল্লীৰ ৰোহিনী আদালতত প্ৰচণ্ড গুলীচালনা! মোষ্ট ৱাণ্টেড গেংষ্টাৰ সহ তিনিজনৰ মৃত্যু

দিল্লীৰ ৰোহিনী আদালতত প্ৰচণ্ড গুলীচালনাৰ ঘটনা।

অধিবক্তাৰ সাজত অহা এগৰাকী লোকৰ হঠাতে নিৰ্বিচাৰে আক্ৰমণ।

এই আক্ৰমণত ৩জন লোকৰ মৃত্যু হোৱৰ লগতে আহত হৈছে বহু লোক।

নিহতৰ ভিতৰত মোষ্ট ৱাণ্টেড গেষ্টাৰ জিতেন্দ্ৰ গোগীৰ মৃত্যু হয়।

তীহাৰ জেলত থকা গোগীক ৰোহিনী ন্যায়ালয়ত শুনানিৰ বাবে হাজিৰ কৰোৱাৰ সময়তে উকিলৰ সাজত অহা আততায়ীয়ে গুলি বৰ্ষণ কৰি হত্যা কৰে।

Gogi

তিলু দলৰ লোক এই ঘটনাৰ লগত জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে তিলু আৰু গোগী দলৰ মাজত দীৰ্ঘদিন ধৰি সংঘাত চলি আছিল।

উল্লেখ্য যে, মোষ্ট ৱাণ্টেড গোগীক দুবছৰ পূৰ্বে দিল্লী আৰক্ষীয়ে গুৰুগ্ৰামৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

Leave a Comment