নিউজ ডেস্কঃ স্বাধীনতা দিৱসৰ প্ৰাক মূহুৰ্তত জম্মু-কাশ্মীৰত পুনৰ আক্ৰমণ সংঘটিত কৰিছে সন্ত্ৰাসবাদী সংগঠন। বৃহস্পতিবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সন্ত্ৰাসবাদীৰে হোৱা ভয়ানক সংঘৰ্ষত শ্বহীদ হৈছে ৰাজস্থানৰ চুবেদাৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাম্বু (৪৮) সহ তিনিজন জোৱান।
ৰাজস্থানৰ ঝুনঝুনুৰ মালিগাঁওৰ বাসিন্দা ৰাজেন্দ্ৰই যোৱা জুলাই মাহৰ ১৬ তাৰিখে ছুটি শেষ কৰি পুনৰাই কৰ্তব্যত যোগদান কৰিছিল। নৱেম্বৰ মাহত হ’বলগীয়া জীয়াৰী প্ৰিয়াৰ বিয়াত উপস্থিত থাকিম বুলি কথা দি কৰ্তব্যলৈ যোৱা ৰাজেন্দ্ৰৰ মনতে ৰ’ল মনৰ আশা। তাৰ আগতেই সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হ’ল ৰাজেন্দ্ৰ প্ৰসাদ।

ইতিমধ্যে ৰাজেন্দ্ৰ শ্বহীদ হোৱাৰ খবৰ তেওঁৰ পৰিয়াল তথা গাওঁবাসীয়ে লাভ কৰাৰ পিছতে সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। লগতে দেশৰ হকে যুঁজি শ্বহীদল হোৱা ৰাজেন্দ্ৰ প্ৰসাদক লৈ গৰ্বিতও হৈ পৰিছে তেওঁৰ পৰিয়াল তথা অঞ্চলবাসী।
উল্লেখ্য যে, ৰাজেন্দ্ৰ প্ৰসাদৰ পিতৃ বদ্ৰু সিঙেও ভাৰতীয় সেনা বাহিনীত সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰিছিল।

ইফালে ৰাজেন্দ্ৰ প্ৰসাদৰ কন্যা প্ৰিয়াৰ বিয়া ঠিক হৈছিল দুমাহ পূৰ্বে। নৱেম্বৰত সামাজিক ৰীতি-নীতিৰে কন্যাৰ বিবাহ সম্পন্ন কৰাৰ পৰিকল্পনা কৰিছিল সেনা চুবেদাৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু পৰিয়ালে। কন্যাৰ বিয়াৰ বাবেই তেওঁ নৱেম্বৰত ছুটি লৈ ঘৰলৈ অহাৰ কথাও আছিল।
ৰাজেন্দ্ৰ প্ৰসাদ ভাম্বুৰ মৃতদেহ শুকুৰবাৰে স্বগৃহলৈ অনাৰ পিছতে শোকাকুল পৰিৱেশে বিৰাজ কৰে অঞ্চলটোত। দুটি কন্যা আৰু এটি পুত্ৰ সন্তানৰ পিতৃ সেনা জোৱানগৰাকীৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালটোও।

প্ৰণিধানযোগ্য যে, ৰাজেন্দ্ৰ প্ৰসাদে ১৯৯৫ চনৰ ২৩ ফেব্ৰুৱাৰীত ২১ বছৰ বয়সত সেনাবাহিনীত যোগদান কৰিছিল। মৃত্যুৰ সময়ত তেওঁ জম্মু আৰু কাশ্মীৰৰ ৰাজৌৰী জিলাৰ পাৰ্গলত কৰ্মৰত আছিল। বৃহস্পতিবাৰে পুৱতি নিশা দুজন সন্ত্ৰাসবাদীয়ে সেনা শিবিৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোঁতে হোৱা সংঘৰ্ষতে ৰাজেন্দ্ৰ সহিতে আন দুজন জোৱান শ্বহীদ হয়। অৱশ্যে সন্ত্ৰাসবাদী দুজনো সংঘৰ্ষত নিহত হয়।
প্ৰতিৰক্ষা বিভাগৰ পিআৰঅ’ দেৱেন্দ্ৰ আনন্দৰ মতে, চুবেদাৰ ৰাজেন্দ্ৰ প্ৰসাদৰ সৈতে শ্বহীদ হোৱা আন দুজন জোৱানক তামিলনাডুৰ মাদুৰাই জিলাৰ থুমাকুণ্ডুৰ ৰাইফলমেন লক্ষ্মণন ডি আৰু হাৰিয়ানাৰ ফৰিদাবাদৰ চান্দপুৰ গাঁৱৰ ৰাইফলমেন মনোজ কুমাৰ বুলি চিনাক্ত কৰা হৈছে।









