এক ভয়ংকৰ পথ দুৰ্ঘটনা।
এখন তীব্ৰবেগী মালবাহী বাহনে মহতিয়াই নিলে স্কুটী আৰোহীক।
দুৰ্ঘটনাটোৰ ফলত কৰুণ মৃত্যুক সাৱটিলে এগৰাকী স্বাস্থ্য কৰ্মীয়ে।
ধেমাজিৰ চৌখামৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।
লক্ষীপথাৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত কৰ্মৰত নিহত মহিলাগৰাকী সংগীতা ফুকন বুলি জানিব পৰা গৈছে।
এএছ০৭বিচি৫২৭১ নম্বৰৰ টাটা মালবাহী বাহনখনে এএছ২২ ই৩১০৬ নম্বৰৰ স্কুটীখন মহতীয়াই নিয়ে।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা চিকিৎসা কৰ্মীগৰাকীক ৰাইজৰ সহযোগত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়তে মৃত্যু ঘটে মহিলাগৰাকীৰ।
মহিলাগৰাকীয়ে চিকিৎসালয়লৈ যোৱাৰ পথতে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই মালবাহী বাহনখনৰ চালকে পলায়ন কৰে।









