অসমীয়াঅসম

লগত ২২টা হেলমেট থাকিও ভৰিবলগীয়া হ’ল জৰিমনা, কাৰণ…

নিউজ ডেস্কঃ পিঠিত হেলমেট, কান্ধত হেলমেট, হাতত হেলমেট। কিন্তু হেলমেন নাই মূৰত। যাৰ বাবেই চালান কাটিলে আৰক্ষীয়ে।

এখন বাইকত ২২-২৩টা হেলমেট কঢ়িয়াই নিয়া হেলমেট বিক্ৰেতাক হেলমেট নিপিন্ধাৰ বাবেই ধৰিলে আৰক্ষীয়ে। কাটিলে চালানো।

photo1659947756

সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল পৰিছে যোৰহাটৰ এই ঘটনাৰ ভিডিঅ’।

দৰাচলতে হাতত কুৰিৰো অধিক হেলমেট লৈ যোৰহাটৰ পৰা বাইকেৰে হেলমেট বিক্ৰী কৰিবলৈ আহিছিল কেইজনমান অনা অসমীয়া ব্যৱসায়ীয়ে।

কিন্তু লগত ২২-২৩টা হেলমেট থাকিও মূৰত হেলমেট নিপিন্ধাৰ বাবেই এই বিক্ৰেতাসকলক জৰিমনা বিহে আৰক্ষীয়ে।