এক চাঞ্চল্যকৰ ঘটনা।
এগৰাকী বিবাহিতা মহিলা সন্ধানহীন হোৱাৰ খবৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত দুলিয়া বৰুৱা গাঁৱৰ কৰ্ণিমা ব্ৰহ্ম নামৰ প্ৰায় ২৬ বছৰীয়া এগৰাকী বিবাহিতা মহিলা শনিবাৰৰ পৰা সন্ধানহীন হৈ আছে।

দুলিয়া বৰুৱা গাঁৱৰ স্বামী ৰঞ্জন চুতীয়াৰ ঘৰৰ পৰা স্বাভাবিক ঘৰুৱা কাম কৰি স্বাভাৱিক ভাবেই পুৱা ৯-৩০ বজাত ঢকুৱাখনা নগৰ চাৰিআলিলৈ বুলি ওলাই গৈ আৰু উভতি নাহিল।
ঘটনা সন্দৰ্ভত স্বামী ৰঞ্জন চুতীয়াই ঢকুৱাখনা সদৰ থানাত এক এজাহাৰ দাখিল কৰিছে যদিও এইপৰ্যন্ত কোনো শুংসূত্ৰ লাভ কৰা নাই।
স্বামী ঢকুৱাখনা নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যস্ত থকাৰ সুযোগ লৈ পত্নী কৰ্নিকা ব্ৰহ্মই ঘৰৰ পৰা সোণৰ অলংকাৰ, বেংক পাছবুক, এ টি এম কাৰ্ডসহ সকলো সামগ্ৰী লৈ যায় বুলি স্বামী আৰু পৰিয়ালবৰ্গই জানিব দিয়ে।
ঢকুৱাখনা আৰক্ষীৰ তদন্তৰ পাছতহে সকলো প্ৰকৃত তথ্য পোহৰলৈ আহিব।
জানিব পৰা মতে, মহিলা গৰাকীৰ মোবাইল সংযোগ বন্ধ হৈ আছে।
লগতে চাওকঃ
৭ বছৰ বয়সতে অপহৰণ কৰিছিল পূজাক! সুদীৰ্ঘ ৯ বছৰ পিছত নিজ কন্যাক ঘূৰাই পালে পিতৃ-মাতৃয়ে










