ৰাজ্যত প্ৰতিদিনে গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজন ঘোচখোৰ চৰাকাৰী বিষয়া কৰ্মচাৰী।
দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত NiTi আয়োগৰ বৈঠকত অংশগ্ৰহণ কৰে।
বৈঠকৰ অন্তত তেওঁ অসম ভৱনত এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ উৎকোচৰ ঘটনা প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
মুখ্যমন্ত্ৰীয়ে কয়– ‘প্ৰত্যেক মিটিঙতে মই বিষয়া-কৰ্মচাৰীক কৈ আহিছোঁ যে চৰকাৰখন ৰাইজৰ বোজা হ’ব নালাগে। লাইসেন্সৰ বাবে মানুহে যাব নিবিচাৰে, সময় খৰচ হ’ব বুলি, টকা দিব লাগিব বুলি। সেয়ে আমি অনলাইনৰ ব্যৱস্থা কৰিছোঁ।’
তেওঁ কয়- আমি টকা উৎকোচ নল’বলৈ কৈ আহিছিলোঁ। কিন্তু লৈয়ে আছে৷ সেয়ে এণ্ট্ৰি কৰাপশ্বন আৰু ভিজিলেঞ্চ লগাইছোঁ।’
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘মানুহক টকা উৎকোচ নিদিব বুলি আমি কোৱা নাই। আমি কৈছোঁ- টকা দিয়াৰ দিন-বাৰ ঠিক কৰি আমাক খবৰ দিয়ক।’









