ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে যদিও একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে লিপ্ত হৈ আহিছে দুৰ্নীতিৰ সৈতে।
ইতিমধ্যে বহুকেইগৰাকী বিষয়া–কৰ্মচাৰী উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে।
তেনে দুৰ্নীতিৰ বাধা দিবলৈ এতিয়া আপুনিও ল’ব পাৰে পদক্ষেপ।
অসম আৰক্ষীয়ে এই ক্ষেত্ৰত ফেচবুকযোগে ৰাইজলৈ আগবঢ়াইছে কেইবাটাও নম্বৰ।
অসম আৰক্ষীৰ ফেচবুকৰ পোষ্টত লিখিছে – ‘দুৰ্নীতিৰ বিৰুদ্ধে মাৰ বান্ধি থয় হওঁক! যদি আপুনি কোনো চৰকাৰী বিষয়াক উৎকোচ বিচৰা প্ৰত্যক্ষ কৰে তেন্তে ততালিকে অসমৰ সতৰ্কতা আৰু দুৰ্নীতি সঞ্চালকালয়ে জাৰী কৰা নিম্নলিখিত নম্বৰসমূহত যোগাযোগ কৰক।
IS ANY GOVERNMENT OFFICER OR
— GP Singh (@gpsinghips) August 6, 2022
EMPLOYEE ASKING FOR BRIBE?@NewsLiveGhy @DY365 @PIB_Guwahati @NELiveTV @NENowNews @pratidintime @prag_newsAssam @guwahatiplus @Sentinel_Assam @EastMojo @ddnews_guwahati @Assam_24X7 @diprassam @guwahaticity @time8news pic.twitter.com/vtr8W2cL0m
লগতে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক জি পি সিঙে সেই বিশেষ মোবাইল নম্বৰ তথা ই-মেইল টুইট কৰিছে।
যদি আপোনাৰ পৰা ৰাজ্য চৰকাৰৰ কোনো বিষয়া বা কৰ্মচাৰীয়ে উৎকোচ বিচাৰে, তেন্তে এই নম্বৰত যোগাযোগ কৰি জনাব পাৰে। ইয়াৰ পিছতে উৎকোচ লোৱা বিষয়া বা কৰ্মচাৰীৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে।
কিন্তু চৰকাৰৰ কঠোৰতাৰ মাজতো প্ৰায় নিতৌ ওলাই আছে দুৰ্নীতিগ্ৰস্ত বিষয়াৰ কুকীৰ্তি









