ভাৰতত এতিয়া মৃত্যু ঘটিছে গণতন্ত্ৰৰ, চলিছে একনায়কত্ববাদ! দিল্লীৰ প্ৰতিবাদৰ সময়তে আটক ৰাহুল গান্ধীক

নিউজ ডেস্কঃ ক্ৰমান্বয়ে গণতন্ত্ৰৰ মৃত্যু ঘটিছে ভাৰতত, চলিছে একনায়কত্ববাদ! আৰু ইয়াৰ বিৰুদ্ধে যিসকলে মাত মাতে, তেওঁলোকক পৰিকল্পিতভাৱে আক্ৰমণ কৰা হৈছে, গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

চৰকাৰৰ বিৰুদ্ধে এনেদৰেই শুকুৰবাৰে সৰৱ হৈ পৰিল কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ তথা সাংসদ ৰাহুল গান্ধী। শুকুৰবাৰে মূল্য্যবৃদ্ধি, জিএছটি আৰু নিবনুৱা সমস্যাৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পূৰ্বে এক সংবাদমেল সম্বোধন কৰি ভাৰতত একনায়কত্ববাদৰ আৰম্ভণি ঘটা বুলি দাবী কৰে ৰাহুল গান্ধীয়ে।

ইফালে কংগ্ৰেছে সাব্যস্ত কৰা এই প্ৰতিবাদৰ মাজতে পৰৱৰ্তী সময়ত আটক কৰা হয় ৰাহুল গান্ধীক। ৰাহুল গান্ধীৰ এটা গোট ৰাষ্ট্ৰপতি ভৱনৰ দিশে আগবঢ়াৰ সময়তে বিজয় চ’ত তেওঁক আটক কৰে দিল্লী আৰক্ষীয়ে।

উল্লেখ্য যে, নিবনুৱা সমস্যা, জিএছটি আৰোপ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে দিল্লীত কংগ্ৰেছে ৰাষ্ট্ৰপতি ভৱনলৈ সমদল বাহিৰ কৰাৰ লগতে প্ৰধামন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰাৰ ঘোষণা কৰিছিল।

image 46
ভাৰতত এতিয়া মৃত্যু ঘটিছে গণতন্ত্ৰৰ, চলিছে একনায়কত্ববাদ! দিল্লীৰ প্ৰতিবাদৰ সময়তে আটক ৰাহুল গান্ধীক 2

এই প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বে দিল্লীস্থিত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে প্ৰশ্ন কৰে- ‘ভাৰতত একনায়কত্ববাদৰ আৰম্ভণি কেনেকুৱা হৈছে… গণতন্ত্ৰৰ মৃত্যুক লৈ আপোনালোকে কেনে অনুভৱ কৰিছে?’

কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ‘আমি যিটো প্ৰত্যক্ষ কৰি আছো সেয়া হৈছে গণতন্ত্ৰৰ মৃত্যু। সেইটোৱেই ভাৰতে প্ৰত্যক্ষ কৰি আছে। প্ৰায় এশ বছৰৰ আগৰ পৰা আৰম্ভ কৰি ভাৰতে ভেটি নিৰ্মাণ কৰিছে, সেয়া মূলতঃ আপোনাৰ চকুৰ সন্মুখতে ধ্বংস হৈ আছে। আপোনালোক সকলোৱে জানে। সমগ্ৰ ভাৰতবৰ্ষই জানে। এই ধাৰণাটোৰ বিৰুদ্ধে যিয়েই থিয় তেওঁক পৰিকল্পিতভাৱে আক্ৰমণ কৰা হয়, জেলত ভৰোৱা হয়, গ্ৰেপ্তাৰ কৰা হয়, মাৰপিট কৰা হয়।”

মাত্ৰ কেইজনমান পুঁজিপতিৰ বাবেই চৰকাৰে কাম কৰে বুলি অভিযোহ কৰি ৰাহুল গান্ধীয়ে দেশত ভয়ংকৰ হাৰত বৃদ্ধি পোৱা নিবনুৱা সমস্যাক লৈও প্ৰশ্ন উত্থাপন কৰে।

ৰাহুল গান্ধীয়ে কয়, ‘ভাৰতত এতিয়া গণতন্ত্ৰ এক স্মৃতি হৈ পৰিছে। ইয়াতকৈ বেছি একো নহয়। আৰু ইয়াৰ পৰিণামও আছে। আপুনি দেখিব ইয়াৰ বিধ্বংসী পৰিণতি হ’বলৈ গৈ আছে। কাৰণ ভাৰতবাসীয়ে মনে মনে বহি নাথাকে।’

ইয়াৰ পিছতে কংগ্ৰেছে এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰি উত্তপ্ত কৰি তোলে সমগ্ৰ দিল্লী। কংগ্ৰেছৰ প্ৰতিবাদৰ বাবে যন্তৰ মন্তৰত অনুমতি প্ৰদান কৰা হৈছিল যদিও বাকী অঞ্চলত ১৪৪ ধাৰা জাৰি কৰা হৈছিল। কিন্তু ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ এটা দলে ৰাষ্ট্ৰপতি ভৱনৰ দিশে আগবঢ়াত ৰাহুল গান্ধীক আটক কৰা হয়।