মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু পত্নী-পুত্ৰ-বোৱাৰী-নাতিনীসহ একেটা পৰিয়ালৰ ৬ সদস্যৰ

নিউজ ডেস্কঃ দৰগাহ দৰ্শন কৰি ঘৰলৈ ওভতাৰ পথতে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যই!

বৃহস্পতিবাৰে মাজনিশা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় কৰ্ণাটকৰ য়াদগীৰ জিলাৰ গুৰমিতকাল তালুকৰ আৰাকেৰা (কে) গাঁৱৰ সমীপত।

জানিব পৰা মতে, এখন মালবাহী ট্ৰাক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষটোত নিহত হয় পৰিয়ালটোৰ এগৰাকী মহিলা আৰু এটি ৬ মহিয়া শিশুসহ ৬ জন লোক। দুৰ্ঘটনাত এজন লোক আহত হয়।

image 44
মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু পত্নী-পুত্ৰ-বোৱাৰী-নাতিনীসহ একেটা পৰিয়ালৰ ৬ সদস্যৰ 3

আৰক্ষী অধীক্ষক চিবি বেদামূৰ্তিয়ে জানিবলৈ দিয়া মতে, তেলেংগনাৰ কোদাংগলৰ জাথলাপল্লী গাঁৱৰ এটা দৰগাহ দৰ্শন কৰি য়াদগীৰলৈ উভতি আহি আছিল পৰিয়ালটোৱে। সেই সময়তে আৰাকেৰা গাঁৱৰ সমীপত তেওঁলোকৰ বাহনখনত বিপৰীত দিশৰ পৰা অহা এখন মালবাহী ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মাৰে।

image 43
মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু পত্নী-পুত্ৰ-বোৱাৰী-নাতিনীসহ একেটা পৰিয়ালৰ ৬ সদস্যৰ 4

দুৰ্ঘটনাৰ ফলত ৪ জন লোকৰ থিতাতে মৃত্যু ঘটে। আনহাতে আহত ৩ জনক লগে লগে স্থানীয় ৰাইজে উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায় যদিও তাৰে দুজনকো চিকিৎসকে মৃত ঘোষণা কৰে।

নিহত সকলক ৰাইছুল জিলাৰ হুট্টী গাঁৱৰ বাসিন্দা মহম্মদ নাজাৰ হুছেইন (৭৬), তেওঁৰ পত্নী নুৰজাহান বেগম (৭০), পুত্ৰ ৱাজিদ হুছেইন (৩২), বোৱাৰী হিনা ৱাজিদ হুছেইন (৩০), নাতিনী উমেজা (৬ মাহ) আৰু ইমৰান (২২) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে এই দুৰ্ঘটনাত আহত হোৱা ৱাজিদ হুছেইনৰ তিনি বছৰীয়া পুত্ৰ ফাজিল হুছেইনক বৰ্তমান কালাবুৰগীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ সমূহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।