লোমহৰ্ষক! স্কুল বাছৰ চালকৰ দায়বদ্ধহীনতাই মৃত্যুৰ গৰাহলৈ ঠেলি লৈ গ’ল কণ কণ শিশুক, ভাইৰেল ভিডিঅ’ৰ পিছতে চালকক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ চালকৰ দায়বদ্ধহীনতাই মুহূৰ্তৰ বাবে মৃত্যুৰ গৰাহলৈ ঠেলি লৈ গ’ল এখন স্কুল বাছৰ ৪০ জনকৈ কণ কণ শিশুক। এই ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। স্কুলীয়া ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই নিয়া বাছখনৰ চালকজনকো দায়বদ্ধহীনতাৰ বাবে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

দৰাচলতে এই ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত। সোমবাৰে পুৱা গ্ৰেটাৰ নয়ডাৰ সুৰজপুৰ থানা এলেকাৰ কৈলাশপুৰ ৰে’ল গেটত ট্ৰেইন অহাৰ বাবে গেট পেলাই থৈছিল ৰে’ল কৰ্মচাৰীয়ে।

image 37
লোমহৰ্ষক! স্কুল বাছৰ চালকৰ দায়বদ্ধহীনতাই মৃত্যুৰ গৰাহলৈ ঠেলি লৈ গ’ল কণ কণ শিশুক, ভাইৰেল ভিডিঅ’ৰ পিছতে চালকক গ্ৰেপ্তাৰ 2

সেই সময়তে ৰে’লগেটত উপস্থিত হোৱা খেলি গাঁৱৰ গোপীচান্দ পাব্লিক স্কুলৰ বাছখনে ৰে’ল গেট ভাঙি পাৰ হৈ যায়। দ্ৰুতবেগত অহা বাছখনক ৰে’ল কৰ্মচাৰীয়ে ৰখিবলৈ ইংগিত দিয়াৰ পিছতো বাছৰ ভিতৰত থকা ছাত্ৰ-ছাত্ৰীৰ জীৱন বিপন্ন কৰি পাৰ হৈ যায় বাছখন।

অৱশ্যে সৌভাগ্যক্ৰমে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বাছখনৰ ভিতৰত থকা ৪০ গৰাকী কণ কণ শিশু। ইফালে এই লোমহৰ্ষক ঘটনা বন্দী হয় ৰে’ল গেটৰ চিচি টিভি কেমেৰাত। সেই ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ৰে’ল আৰক্ষীয়ে বাছখনৰ চালক আয়াৰামক গ্ৰেপ্তাৰ কৰাৰ লগতে বাছখন জব্দ কৰিছে। অইনহাতে বাছ চালকে অতি মইমতালিৰে সংঘটিত এই ঘটনাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষক জগৰীয়া কৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে।