অসম

অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পন দুৰ্ধৰ্ষ মাওবাদী নেতা টিংৰাজ ওৰাঙৰ…

অসম আৰক্ষীৰ ওচৰত অৱশেষত আত্মসমৰ্পন কৰিলে দুৰ্ধৰ্ষ মাওবাদী নেতা টিংৰাজ ওৰাঙে।

২০০৭ চনৰ অক্টোবৰ মাহতে নিষিদ্ধঘোষিত মাওবাদীৰ সৈতে লগ লাগিছিল টিংৰাজ ওৰাঙে।

 উজনিৰ নাহৰকটীয়াৰ শামুকতোলা নামৰ এখন গাঁৱৰ চাহ জনগোষ্ঠীয় নেতা আছিল টিংৰাজ ওৰাং।

ৰাজ্যৰ বাহিৰত গেৰিলা প্ৰশিক্ষণ গ্ৰহণ কৰা টিংৰাজ ওৰাঙৰ শুংসূত্ৰ দীৰ্ঘসময়ে আৰক্ষী বা চোৰাংচোৱাবাহিনীয়ে উলিয়াব পৰা নাছিল।

অৱশেষত আৰক্ষীৰ ওচৰত নিজেই ধৰা দিয়েহি টিংৰাজে৷

উল্লেখ্য যে শামুকতোলাৰ ঘৰখনত টিংৰাজৰ পত্নী তৰামাই ওৰাঙৰ চলিত বৰ্ষৰ জুন মাহত মৃত্যু ঘটিছিল৷

ইয়াৰ পিছতে পৰিয়ালটোত নিথৰুৱা হৈ পৰিছিল তিনি সন্তান৷

ইতিপূৰ্বে সংবাদ মাধ্যমৰ সন্মুখতো সন্তানত্ৰয়ে কাতৰ আহ্বান জনাইছিল মাওবাদী পিতৃক স্বাভাৱিক জীৱনলৈ ভভতি আহিবলৈ৷

Leave a Reply

Your email address will not be published. Required fields are marked *