নিউজ ডেস্ক। বিষাক্ত সৰ্পৰ দংশনৰ ফলত বিগত ৫ দিনতে চিকিৎসাধীন অৱস্থাত থকা এগৰাকী যুৱ সাংবাদিকৰ মৃত্যুৰ খবৰে শােকৰ ছাঁ পেলাইছে ৰাজ্যৰ সংবাদ মহলত।
জানিব পৰা মতে, নুমলীগড়ৰ সাংবাদিক অসীমজ্যোতি বৰা (৩৬) ক যােৱা ৩੦ জুলাইত ঘৰৰ পৰা বাহিৰলৈ ওলাই যােৱাৰ মুহূৰ্ততে বিষাক্ত সাপে দংশন কৰিছিল।
ইয়াৰ পিছতে চিকিৎসাধীন অৱস্থাত থকা সাংবাদিক অসীমজ্যােতি বৰাই বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে ঘটনাৰ দিনাই পৰিয়ালৰ লোকে অসীমজ্যােতি বৰাক সমীপৱৰ্তী নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত ভৰ্ত্তি কৰিছিল৷
কিন্তু ইয়াৰ পিছতে স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক আইচিইউত ৰাখি চিকিৎসকসকলে চিকিৎসা অব্যাহত ৰাখিছিল৷
তেওঁক ডিমৌ চিকিৎসা কেন্দ্ৰৰ চিকিৎসক ডাঃ সুৰজিৎ গিৰিক এনআৰএল-ৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়লৈ আনি বিশেষ চিকিৎসাৰ ব্যৱস্থা কৰে।

কিন্তু ইয়াৰ পিছতে তেওঁৰ স্বাস্থ্যৰ কোনো উন্নতি নঘটাত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লত ভৰ্তি কৰােৱা হয়।
বুধবাৰে অসীমজ্যোতি বৰাই জিএমচিএইচতে মৃত্যুৰে হাৰ মানি শেষ নিশ্বাস ত্যাগ কৰে।
অতি সৰবৰহী, সৰল, সদা-হাস্যমুখৰ যুৱ সাংবাদিকজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ সংবাদ মহলৰ গভীৰ শােকৰ ছাঁ পৰিছে।
বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে যুৱ সাংবাদিকজনৰ অকাল মৃত্যুত গভীৰ শােক প্ৰকাশ কৰিছে।
মৃত্যুৰ সময়তে সাংবাদিকজনে পত্নীৰ লগতে এটি দুবছৰীয়া কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ যায়।









