চাঞ্চল্যকৰ! কাৰাগাৰৰ পৰা পলায়ন তিনি কাৰাবন্দীৰ…

এক চাঞ্চল্যকৰ ঘটনা।

কাৰাগাৰৰ পৰা পলায়ন কৰিলে তিনি কাৰাবন্দীয়ে।

ডিফু জিলা কাৰাগাৰত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, মঙলবাৰে নিশা জিলা কাৰাগাৰৰ পাঁচজন কাৰাবন্দী ক’ভিড পজিটিভ হোৱাৰ বাবেই কাৰাগাৰৰ এক আছুতিয়া কোঠাত কোৱাৰেইণ্টাইন কৰি ৰখা হৈছিল।

তাৰ পিছতেই নিশা কোঠাটোৰ খিৰীকিৰ গ্ৰীল ভাঙি তিনি কাৰাবন্দীয়ে পলায়ণ কৰে বুলি জানিব পৰা গৈছে।

অৱশ্যে বাউণ্ডাৰীৰ দেৱাল কেনেদৰে পাৰ হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

পলায়ণ কৰা কাৰাবন্দীকেইটা ইদিছ আলী, আইনুল আলী আৰু আজমেৰ আলী বুলি জানিব পৰা গৈছে।

ইদিছ আলী আৰু আইনুল আলী ড্ৰাগছৰ গোচৰত জড়িত থকাৰ লগতে আজমেৰ আলী চুৰীৰ গোচৰত অভিযুক্ত আছিল।

পলাতক কাৰাবন্দীকেইটাক বিচাৰি আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে।