ভয়ংকৰ! ৰে’লৱে প্লেটফৰ্মৰ নিৰ্মীয়মাণ শ্বেড ভাগি গুৰুতৰভাৱে আহত ৮ শ্ৰমিক, সংকটজনক ৩ জনৰ অৱস্থা

নিউজ ডেস্কঃ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে নৱনিৰ্মিত ৰে’লৱে প্লেটফৰ্মৰ শ্বেড ভাগি গুৰুতৰভাৱে আহত হ’ল ৮জনকৈ শ্ৰমিক। এই শোকাবহ ঘটনা সংঘটিত হৈছে বঙাইগাঁও ৰে’লৱে ষ্টেছনত। নিৰ্মাণকাৰী সংস্থাই নিম্নমানৰ কামেৰে প্লেটফৰ্মখন নিৰ্মাণ কৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, বঙাইগাঁও ষ্টেছনৰ ২ নম্বৰ প্লেটফৰ্মত মঙলবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত হঠাৎ ভাগি পৰে প্লেটফৰ্মৰ নিৰ্মীয়মান শ্বেড। যাৰ ফলত সেই সময়ত কৰ্মৰত হৈ থকা ৮ জনকৈ শ্ৰমিক গুৰুতৰভাৱে আহত হয়।

photo1659506204
ভয়ংকৰ! ৰে’লৱে প্লেটফৰ্মৰ নিৰ্মীয়মাণ শ্বেড ভাগি গুৰুতৰভাৱে আহত ৮ শ্ৰমিক, সংকটজনক ৩ জনৰ অৱস্থা 3

আহত শ্রমিকসকলক মৰিগাঁৱৰ যতীন বৰদলৈ (২৩) আৰু বিফুল বৰদলৈ (২৩), বঙাইগাঁৱৰ ৰাখালডুবিৰ বেণু ৰায় (৪৫), চিৰাঙৰ বিজনীৰ গোপাল বর্মন (৪৫), চিৰাঙৰ ছাতিপুৰৰ মনোৰঞ্জন বৰ্মন (৫০), ধুবুৰীৰ বলবীৰ সিং (৪৭), দিগন্ত চৌধুৰী (২৫) আৰু ৰতন ৰায় বুলি জানিব পৰা গৈছে।

image 18
ভয়ংকৰ! ৰে’লৱে প্লেটফৰ্মৰ নিৰ্মীয়মাণ শ্বেড ভাগি গুৰুতৰভাৱে আহত ৮ শ্ৰমিক, সংকটজনক ৩ জনৰ অৱস্থা 4

আনহাতে এজন পৰিচয় লাভ নকৰা শ্ৰমিকৰ লগতে বলবীৰ সিং আৰু দিগন্ত চৌধুৰীৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোকক ততাতৈয়াকৈ বঙাইগাঁৱৰ ল’ৱাৰ আছাম হাস্পতালত ভৰ্তি কৰোৱা হয়। বাকী আহত সকল বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

জানিব পৰা মতে, গুৱাহাটীৰ ত্ৰিৱেণী কনষ্ট্রাকচন নামৰ এটা প্রতিষ্ঠানে বঙাইগাঁৱৰ ২ নং প্লেটফৰ্মৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল। কিন্তু প্ৰতিষ্ঠানটোৱে কামত গাফিলতি কৰি নিম্নমানৰ কাম কৰাৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে স্থানীয় লোকে। অৱশ্যে এই দুৰ্ঘটনা সন্দৰ্ভত ৰে’ল বিভাগে এতিয়াও কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।