ভাল খবৰ! কমনৱেলথ গেমছত অসমৰ হৈ পদক নিশ্চিত কৰিলে নয়নমনি শইকীয়াই…

এগৰাকী দায়িত্বশীল মাতৃ, এগৰাকী সফল অসমীয়া নয়নমনি শইকীয়া।

বাৰ্মিংহামত চলি থকা কমনৱেলথ গেমছ ২০২২ত অসমৰ হৈ পদক নিশ্চিত কৰিলে নয়নমনি শইকীয়াই।

নয়নমনি শইকীয়াই কমনৱেলথ গেমছৰ লন বলত নিশ্চিত কৰিলে পদক। 

দলীয় শাখাত ভাৰতীয় মহিলা দলে ফাইনেলত প্ৰবেশ কৰাৰ লগে লগে নিশ্চিত হ’ল ৰূপৰ পদক।

সোমবাৰে অনুষ্ঠিত চেমি ফাইনেলত ভাৰতীয় মহিলা জাতীয় দলে লন বলত নিউজিলেণ্ডক পৰাস্ত কৰে।

image 9
ভাল খবৰ! কমনৱেলথ গেমছত অসমৰ হৈ পদক নিশ্চিত কৰিলে নয়নমনি শইকীয়াই... 3

ভাৰতীয় খেলুৱৈ লাভলী চৌবে, পিংকি, নয়নমনি শইকীয়া আৰু ৰূপা ৰাণী তিৰ্কীয়ে ইতিহাস সৃষ্টি কৰি ফাইনেলত স্থান দখল কৰে।

তীব্ৰ প্ৰতিদ্বন্দ্বিতা পূৰ্ণ খেল খনত ১৬-১৩ ব্যৱধানত জয়ী হয় ভাৰত।

মঙলবাৰে ভাৰতে লন বলৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

image 10
ভাল খবৰ! কমনৱেলথ গেমছত অসমৰ হৈ পদক নিশ্চিত কৰিলে নয়নমনি শইকীয়াই... 4

আজি সন্ধিয়া ০৪:১৫ বজাত ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰতীয় দলটো।

উল্লেখ্য যে নয়নমণি শইকীয়াৰ ঘৰ গোলাঘাটত সৰু পথাৰত।

ফাইনেল খেলৰ বাবে অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছে নয়নমণি শইকীয়াই।