ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা।
ৰাজ্যত লগতে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত আগন্তুক ৫ দিনলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা।
প্ৰৱল বৃষ্টিপালৰ লগতে ধুমুহা আৰু বজ্ৰপাতো হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

৬ আগষ্টলৈ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বিভিন্ন অঞ্চলত হ’ব ধাৰাসাৰ বৰষুণ।
আনহাতে মেঘালয়. মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডতো ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
সাগৰপৃষ্ঠত উৎপত্তি হোৱা মৌচুমীৰ প্ৰভাৱৰ ফলতেই উত্তৰ-পূবত এই সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।









