ভয়ংকৰ! চলন্ত বাহনত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি ল’লে ১০ জন শিৱভক্তই…

নিউজ ডেস্ক। প্ৰতিবেশী ৰাজ্য পশ্চিম বংগৰ জলপাইগুড়িৰ জলপেশ মন্দিৰলৈ যােৱাৰ পথত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু হ’ল কমেও ১੦ জন শিৱভক্তৰ।

এই ঘটনাত ১৬ জন আহত লােকক জলপাইগুৰি ছুপাৰ স্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰােৱা হৈছে।

প্ৰাৰম্ভিক অনুমান অনুসৰি, বােল বমলৈ যােৱা গাড়ীৰ জেনেৰেটৰৰ পৰা শ্বৰ্ট চাৰ্কিটৰ ফলত এই অঘটন হােৱাৰ আশংকা কৰা হৈছে।

G5
ভয়ংকৰ! চলন্ত বাহনত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি ল’লে ১০ জন শিৱভক্তই... 2

জানিব পৰা মতে, কােচবিহাৰৰ শীতলাকুছিৰ পৰা ২৭ জনীয়া এটা শিৱভক্তই এখন ডিআই বাহনত উঠি জলপাইগুৰিৰ জলপেশস্থিত শিৱ মন্দিৰলৈ যাত্ৰা কৰিছিল।

গাড়ীত ডিজেৰ লগতে আছিল জেনেৰেটৰ।

তেনে সময়তে গাড়ীখন চাংৰা বান্ধাৰ ধৰ্লা নৈৰ দলং পাৰ হোৱাৰ পিছতে সংঘটিত হয় এই ঘটনা।

কেইবাজনো তীৰ্থযাত্ৰীক অচেতন হৈ থকা দেখি চালকজনে গাড়ীখন স্থানীয় হাস্পতাললৈ লৈ যায়।

তাত চিকিৎসকে ১০ জন লোকক মৃত ঘোষণা কৰে।

আনহাতে, বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰা ১৬ জন শিৱভক্ত সম্প্ৰতি চিকিৎসাধীন বুলি জানিব পৰা গৈছে।