ৰাজ্যত চলিছে ইখনৰ পিছত সিখন চৰকাৰী কাৰ্যসূচীৰ বেনাৰক লৈ বিতৰ্ক।
ছ’চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখিল হৈছে মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰীলৈ।
কিছুদিনৰ পূৰ্বে লাভলীনা বৰগোহাঁইৰ শুভেচ্ছামূলক বেনাৰক লৈ মুখ্যমন্ত্ৰীৰ লগতে ক্ৰীড়ামন্ত্ৰী সোমাই পৰিছিল বিৰ্তকত।
সেই বিৰ্তক চলি থকাৰ সময়তে পুনৰ ছচিয়েল মিডিয়াত চৰ্চালৈ আহিছে পুনৰ এখন বেনাৰ।
ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকীৰ উপলক্ষে নৱগ্ৰহত আয়োজন কৰা বিশেষ অনুষ্ঠানৰ এখন বেনাৰক লৈ এইবাৰ বিতৰ্ক।
বেনাৰখনত গোপীনাথ বৰদলৈৰ ফটো সৰুকৈ দিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো সম্পূৰ্ণ বেনাৰখনত দিয়াক লৈ তীব্ৰ চৰ্চা আৰম্ভ হৈছিল।
এই ঘটাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বিশেষ টুইট।
তেওঁ টুইটাৰত লিখিছে- I do not endorse this kind of branding at all. Instruction has been issued not to use my picture from now onwards without prior approval of my office।
I do not endorse this kind of branding at all. Instruction has been issued not to use my picture from now onwards without prior approval of my office pic.twitter.com/Pl7p20IsxO
— Himanta Biswa Sarma (@himantabiswa) August 5, 2021
অৰ্থাৎ এতিয়াৰে পৰা যিকোনা অনুষ্ঠান বা যিকোনো বেনাৰত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অনুমতি নোলোৱাকৈ মুখ্যমন্ত্ৰীৰ ফটো ব্যৱহাৰ কৰিব নোৱাৰিব।
মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটত লগতে উল্লেখ কৰিছে যে, এই ধৰণৰ কাৰ্য তেওঁ সমৰ্থন নকৰে।









