নিৰ্বাচন আয়োগৰ সংবাদমেলঃ ১৮ বছৰৰ পূৰ্বেই ভোটাৰ তালিকাত নাম পঞ্জীয়নৰ বাবে কৰিব পাৰিব আবেদন

নতুন নিৰ্বাচনী প্ৰপত্ৰ আৰু নিৰ্বাচনী আইন আৰু নিয়মৰ সংশোধনৰ ওপৰত নিৰ্বাচন আয়োগৰ সংবাদমেল।

সংবাদমেল সম্বোধন কৰে মুখ্য নিৰ্বাচনী বিষয়া নিতীন খাড়েই।

১ আগষ্টত মুকলি হ’ব নিৰ্বাচন আয়োগৰ নতুন প্ৰপত্ৰ।

নতুন প্ৰপত্ৰৰ জৰিয়তে আধাৰ লিংকৰ সুবিধা থাকিব।

এতিয়াৰ পৰা বছৰত চাৰিবাৰকৈ নিৰ্বাচন আয়োগত নাম পঞ্জীয়ন কৰিব পাৰিব।

জানুৱাৰী, এপ্ৰিল, জুলাই আৰু অক্টোবৰৰ ১ তাৰিখত পঞ্জীয়ন কৰিব পাৰিব।

এতিয়াৰে পৰা ১এপ্ৰিল , ১জুলাই আৰু ১ অক্টোবৰতো আবেদনৰ সুবিধা উপলদ্ধ হ’ব । ১৮ বছৰ হোৱাৰ পূৰ্বেই আবেদন কৰি থৈ দিব পাৰিব। ১৮ বছৰ হোৱাৰ লগে লগে তেওঁলোকে নিজৰ এডমিট কাৰ্ড লাভ কৰিব।

মহিলা সেনা বাহিনীয়ে পোষ্টেল ভোট দিব পাৰিব লগতে তেওঁৰ স্বামীয়েও সেই সুবিধা লাভ কৰিব

এটা সমষ্টিতে ভোটাৰৰ নাম থাকিব লাগে, তাৰ বাবে ভোটাৰ কাৰ্ডৰ লগত আধাৰ লিংক কৰিবলৈ আয়োগে আহ্বান জনাইছে।

এতিয়াৰে পৰা আধাৰ লিংক কৰিব লাগিব ভোটাৰ কাৰ্ডৰ সৈতে।

১আগষ্টৰ পৰা আৰম্ভ হ’ব আধাৰ লিংক প্ৰক্ৰিয়া।

এজন ভোটাৰে কেইবাটাও সমষ্টিত ভোট দিয়াৰ বিৰুদ্ধে এই পদক্ষেপ নিৰ্বাচনী আয়োগৰ।

আধাৰ কাৰ্ড নথকা সকলে আন ডকোমেণ্ট ব্যৱহাৰ কৰি কৰিব পাৰিব লিংক।

শীঘ্ৰেই আধাৰ লিংক কৰিবলৈ প্ৰতিজন ভোটাৰক আহ্বান নিৰ্বাচন আয়োগৰ।

আধাৰ কাৰ্ড নাথাকিলেও বিশেষ চিন্তাৰ কাৰণ নাই ভোটাৰ সকলৰ।

আগষ্টত মুকলি হ’ব লগা নতুন প্ৰ-পত্ৰত থাকিব চাৰিটা পৃষ্ঠা। 

নতুন ভোটাৰৰ বাবে ব্যৱহাৰ হ’ব ৬ নম্বৰ প্ৰ-পত্ৰ। ৬(খ) নম্বৰ প্ৰ-পত্ৰ ব্যৱহাৰ হ’ব আধাৰ লিংকৰ বাবে। নাম শুধৰণিৰ বাবে ব্যৱহাৰ হ’ব ৮ নম্বৰ প্ৰ-পত্ৰ। নাম কৰ্তনৰ বাবে ব্যৱহাৰ হ’ব ৭ নম্বৰ প্ৰ-পত্ৰ। অনলাইন পদ্ধতিৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লক্ষ্য।

সকলোকে অনলাইন যোগে নাম পঞ্জীয়ন কৰিবলৈ আহ্বান মুখ্য নিৰ্বাচনী বিষয়াৰ

৪ নবেম্বৰৰ পৰা আৰম্ভ হ’ব ভোটকেন্দ্ৰৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া। ২ কিলোমিটাৰ ব্যাসাৰ্ধত এটাকৈ স্থাপন হ’ব ভোটকেন্দ্ৰ। 

৫ জানুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। 

ভোটাৰ তালিকাত আধাৰ লিংক বাধ্যতামূলক নহয়। দুঠাইত নাম থকা সকলক চিনাক্ত কৰাৰ বাবেহে এই প্ৰক্ৰিয়া।

বৰ্তমানে ৰাজ্যত আছে ২,৩৮,২৫,৫২২ জন ভোটাৰ। ইয়াৰে নতুন ভোটাৰ ১,২৬,২১৮ জন।