শোকাৱহ! চলন্ত স্কুটীৰ ওপৰত ভাঙি পৰিল গছৰ ডাল, থিতাতে মৃত্যু চালকৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

চলন্ত স্কুটীৰ ওপৰত ভাঙি পৰিল গছৰ ডাল, থিতাতে মৃত্যু স্কুটী চালকৰ।

এই দুৰ্ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ মিৰ্জাত।

মিৰ্জাস্থিত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যায়ৰ সংলগ্ন পথত সংঘটিত হয় এই ঘটনা।

photo 2022 07 29 10 35 38
শোকাৱহ! চলন্ত স্কুটীৰ ওপৰত ভাঙি পৰিল গছৰ ডাল, থিতাতে মৃত্যু চালকৰ 2

বৃহস্পতিবাৰে পলাশবাৰী থানাৰ পিছফালৰ তথা দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ পথত এডাল শুকান গছৰ ডাল ভাঙি নিহত হয় এজন স্কুটী আৰোহীজন।

স্কুটী আৰোহীজন ঝাৰোবড়ী খতীয়ামাৰীৰ পানেশ্বৰ দাস (মইনা) বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ।

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে পৰিছে শোকৰ ছাঁ।