NRC-ৰ নতুন ৰাজ্যিক সমন্বয়ক হিচাপে IAS বিষয়া পাৰ্থ প্ৰতিম মজুমদাৰক নিযুক্তি…

NRC-ৰ নতুন ৰাজ্যিক সমন্বয়ক নিযুক্তি।

অসম চৰকাৰে IAS বিষয়া পাৰ্থ প্ৰতিম মজুমদাৰক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) ৰ ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি দিছে।

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া, বৰ্তমান সমবায় সমিতি, অসমৰ পঞ্জীয়ক আৰু অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ সচিব (অতিৰিক্ত) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে পাৰ্থ প্ৰতিম মজুমদাৰে।

image 284
NRC-ৰ নতুন ৰাজ্যিক সমন্বয়ক হিচাপে IAS বিষয়া পাৰ্থ প্ৰতিম মজুমদাৰক নিযুক্তি... 2

বৃহস্পতিবাৰে এখ চৰকাৰী অধিসূচনাত যোগে পাৰ্থ প্ৰতিম মজুমদাৰক বদলি কৰি অসম চৰকাৰ, গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছে।

উল্লেখ্য যে, বৰ্তমানৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই অহা ৩১ জুলাইত অৱসৰ গ্ৰহণ কৰিব।