বিত্তমন্ত্ৰী অজন্তা নেওগৰ পদত্যাগ দাবী উত্থাপন কৰিছে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাই।
ছ’চিয়েল মিডিয়াত দলৰ জ্যেষ্ঠ নেতাগৰাকীয়ে পদত্যাগক দাবী তুলি কৰা এটা পোষ্টৰ পিছতে তোলপাৰ লাগিছে অসম প্ৰদেশ বিজেপিৰ ভিতৰচৰাত।
ছচিয়েল মিডিয়াত ৰমেন ডেকাই লিখিছে- ‘বিত্তমন্ত্ৰী অজন্তা নেওঁগ ডাঙৰীয়ানীৰ বাসগৃহত সংঘটিত হোৱা ঘটনাটো যথেষ্ট দূৰ্ভাগ্যজনক আৰু উদ্বেগ জনক। সংবাদ মাধ্যমতো এইসম্পৰ্কত ধাৰাবাহিক বাতৰি প্ৰকাশ পাইছে।’

‘নিৰপেক্ষ তদন্তৰ স্বাৰ্থত তেওঁ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা উচিত। নিৰপেক্ষ তদন্তৰ স্বাৰ্থত পদত্যাগৰ উদাহৰন “ভাৰতীয় জনতা পাৰ্টীত” কেইবাটাও আছে।’
‘মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ।’
অৱশ্যে নিজৰ পোষ্টত ৰমেন ডেকাই স্পষ্টকৈ ঘটনাটো আচলতে কি তাৰ কোনো প্ৰসংগ উল্লেখ কৰা নাই।
যি কাৰণতেই নহওক কিয় বিত্ত মন্ত্ৰী অজন্তা নেওগৰ পদত্যাগৰ দাবী কৰি লিখা ফেচবুক পোষ্টটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
এই সন্দৰ্ভত অৱশ্যে এতিয়ালৈকে মন্ত্ৰী অজন্তা নেওগে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।









