ব’ল ব’মলৈ গৈ অঘটন।
নৈৰ সোঁতত উটি গ’ল এজন যুৱক।
নলবাৰীৰ কমাৰকুছি পাগলা দিয়া নৈৰ সোঁতত উটি গ’ল যুৱকজন।
ব’ল ব”মলৈ গৈ থকাৰ অৱস্থাতে এই দুৰ্ঘটনা সংঘটিত হয়।
সন্ধানহীন যুৱকজন আৰিকুছিৰ দোনাপাৰ চুবুৰীৰ মধু দাস বুলি জানিব পৰা গৈছে।
যুৱকজনক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এছডিআৰএফে।
নৈৰ কোবাল সোঁতে যুৱকজনক উটুৱাই নিয়াৰ সন্দেহ স্থানীয় ৰাইজৰ।









