এইবাৰ বৃদ্ধি পাব গাখীৰৰ দাম! ১ আগষ্টৰ পৰা প্ৰতিলিটাৰ গাখীৰত বৃদ্ধি পাব ৪ টকাকৈ…

এইবাৰ বৃদ্ধি পাব গাখীৰৰ দাম।

প্ৰতিলিটাৰ গাখীৰত বৃদ্ধি পাব ৪ টকাকৈ।

১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব নতুন নিৰিখ।

আহা ১ আগষ্টৰ পৰা ৪ টকা প্ৰতি লিটাৰ গাখীৰৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত বৃহত্তৰ গুৱাহাটী গৌ পালক সংস্থাৰ।

পূৰ্বতে গাখীৰৰ খুটি মূল্য আছিল ৫০ টকা। অহা ১ আগষ্টৰ পৰা খুটি মূল্য ৪ টকা বৃদ্ধি কৰি ৫৪ টকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৌ পালক সন্থা।

যাৰ ফলত এতিয়া গুৱাহাটী মহানগৰীত গাখীৰৰ পাইকাৰী মূল্য ৬৫টকালৈ বৃদ্ধি পাব।

উল্লেখ্য যে গুৱাহাটী গৌ পালক সংন্থাৰ অধীনত ১০৫০খন ফাৰ্ম আছে।

এই ফাৰ্মৰ পৰা প্ৰতিদিনে উৎপাদন হয় ১ লাখ ৫১ হাজাৰ ২০০ লিটাৰ গাখীৰ।