CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাত উজ্বলিল অসমৰ লোচনা…

নিউজ ডেস্কঃ সদ্যঘোষিত চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত উজ্বলি উঠিল অসমকন্যা লোচনা বাচটোলা।

বিশ্বনাথৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে মুঠ ৫০০ নম্বৰৰ পৰীক্ষাত লাভ কৰে ৪৯৯ নম্বৰ।

photo1658556712
CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাত উজ্বলিল অসমৰ লোচনা… 5

বিশ্বনাথৰ গোপাল শর্মা বাচটোলা আৰু মেনকা বাচটোলাৰ শ্বিলং মণ্ডলৰ জৱাহৰ নৱোদয় শিক্ষা সমিতিৰ অধীনৰ বিশ্বনাথৰ নৱোদয় বিদ্যালয়ৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈ গণিত, ইংৰাজী, অসমীয়া আৰু সমাজ বিজ্ঞানত এশ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে বিজ্ঞানত লোচনাই লাভ কৰে ৯৯ নম্বৰ।

photo1658556686
CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাত উজ্বলিল অসমৰ লোচনা… 6

বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যতে সু চিকিৎসক হোৱাৰ সপোন দেখা লোচনাই নিজৰ ফলাফল লাভ কৰি আনন্দ ব্যক্ত কৰে।

আনহাতে কোনো নিৰ্দিষ্ট ৰুটিন অনুসৰণ নকৰাকৈয়ে কেৱল শিক্ষাগুৰু সকলৰ শিক্ষাৰ জৰিয়তে লোচনাই এই ফলাফল লাভ কৰা বুলিও মন্তব্য কৰে।

photo1658556704
CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাত উজ্বলিল অসমৰ লোচনা… 7

শ্বিলং মণ্ডলৰ লোচনাৰ এই সাফল্য জৱাহৰ নৱোদয় বিদ্যালয়ৰ ভিতৰত অভিলেখ বুলি বিবেচিত হৈছে।

বিশ্বনাথৰ মেধাৱী ছাত্ৰীগৰাকীক অভিনন্দন আৰু শুভেচ্ছা বাৰ্তাৰে উপচাই পেলাইছে শৈক্ষিক মহলে।

লগতে চাওকঃ

ভাল খবৰ! CBSE ৰ দ্বাদশৰ চূড়ান্ত পৰীক্ষাত দেশজুৰি চতুর্থ স্থানত অসমৰ হৰিদ্ৰা

G6 5
CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাত উজ্বলিল অসমৰ লোচনা… 8