দুজন মানুহে পৰামৰ্শ দিয়েই… ৩ দিন হাস্পতালত থাকি আজি ঘৰলৈ উভতিল জুবিন গাৰ্গ

নিউজ ডেস্কঃ ‘দুজন মানুহে পৰামৰ্শ দিয়েই। তেওঁলোক হৈছে চিকিৎসক আৰু অধিবক্তা।’ – তিনি দিন হাস্পতালত চিকিৎসাধীন হৈ থাকি আজি ওলাই অহাৰ সময়ত সাংবাদিক সন্মুখত এনেদৰেই ধেমালিৰ সুৰেৰে ক’লে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে।

photo1658557801
দুজন মানুহে পৰামৰ্শ দিয়েই… ৩ দিন হাস্পতালত থাকি আজি ঘৰলৈ উভতিল জুবিন গাৰ্গ 4

ডিব্ৰুগড়ত হঠাৎ অসুস্থ হৈ পৰা সকলোৰে প্ৰিয় শিল্পী গৰাকী বিগত তিনি দিন ধৰি চিকিৎসাধীন হৈ আছিল মহানগৰীৰ আয়ুৰসূন্দ্ৰা হাস্পতালত। শনিবাৰে জুবিন গাৰ্গক ঘৰলৈ যাবলৈ অনুমতি দিয়ে হাস্পতালখনৰ চিকিৎসকে।

photo1658557818
দুজন মানুহে পৰামৰ্শ দিয়েই… ৩ দিন হাস্পতালত থাকি আজি ঘৰলৈ উভতিল জুবিন গাৰ্গ 5

হাস্পতালৰ পৰা ওলাই অহাৰ পিছতে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কণ্ঠশিল্পীগৰাকীয়ে কয়, ‘খোৱা-বোৱাখিনি নিয়মীয়া কৰি ভালকৈ টোপনি মাৰিলেই আকৌ ফিট-ফাট হৈ যাম।’

photo1658557869
দুজন মানুহে পৰামৰ্শ দিয়েই… ৩ দিন হাস্পতালত থাকি আজি ঘৰলৈ উভতিল জুবিন গাৰ্গ 6

চিকিৎসকে কেনেধৰণৰ পৰামৰ্শ দিছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ ধেমেলিয়াভাৱে উত্তৰ দি জুবিনে কয়, ‘চিকিৎসকে পৰামৰ্শ দিয়েই। তেওঁলোকৰ সেয়াই কাম।

দুজন মানুহে পৰামৰ্শ দিবই। তেওঁলোক হৈছে চিকিৎসক আৰু উকীল। মোকো পৰামৰ্শ দিছে। দুটামান ঔষধ দিছে। এমাহমান খাব লাগিব।’