ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ কালৰূপ, পুনৰ এজন লোকে হেৰুৱালে প্ৰাণ…

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ কালৰূপ।

ভয়ংকৰ ভাৱে ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ।

ৰহাত জাপানীজ এনকেফেলাইটিছ ৰোগে সংহাৰী ৰূপ ধাৰণ কৰিছে।

ৰহাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ কেইবাগৰাকীও লোকে মৃত্যুক সাবটি লৈছে।

বুধবাৰে পুনৰ ৰহাৰ এগৰাকী ব্যক্তিৰ জাপানীজ এনেকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

মৃত লোকজন ৰহাৰ পূব সৰাগাঁৱৰ গম্ভীৰ ডেকা।

GMCHত চিকিৎসাধীন অৱস্থাতে গম্ভীৰ ডেকাৰ মৃত্যু হয়।

ডেকা অসম গণ পৰিষদৰ কৰ্মী হোৱা লগতে অসম গণ পৰিষদৰ ভাতৃ সংগঠন কৃষক পৰিষদৰো সক্ৰিয় কৰ্মী আছিল।

পূব সৰাগাঁও উন্নয়ন সমিতি, পূৱ সৰাগাঁও ববৰাআটি মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতি আদিৰ লগত ওতঃপ্ৰোত জড়িত আছিল গম্ভীৰ ডেকা। 

আউনীআটী সত্ৰৰ লগতো জড়িত এইগৰাকী ব্যক্তিৰ বিয়োগত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।