আজি ঘোষণা হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল।
দিল্লীত অনুষ্ঠিত হ’ব ভোটগণনা।
মুঠ ৩১টা কেন্দ্ৰত হোৱা ভোটদানৰ পিছত বেলট বাকচ দিল্লীলৈ অনা হৈছে।
উল্লেখ্য যে এইবাৰ ৰাষ্ট্ৰপতি পদৰ বাবে হোৱা নিৰ্বাচনত ৯৯ শতাংশৰো অধিক ভোটদান হৈছে।
এনডিএৰ ফালৰ পৰা দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। আনহাতে, ইউপিএৰ সমৰ্থিত প্ৰাৰ্থী হ’ল যশৱন্ত সিনহা।
যোৱা ১৮ জুলাইত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰপতি নিৰ্বাচন।
আজি দেশৰ প্ৰতিজন নাগৰিকে অপেক্ষা কৰিছে যে, দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব?
বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত অন্ত পৰিব।









