ঘৰ ভাড়াৰ নামত বিধায়কে লাভ কৰিব ৫০ হাজাৰ টকাকৈ, এসপ্তাহৰ ভিতৰত খালী কৰিব লাগিব বিধায়ক আৱাস

নিউজ ডেস্কঃ এসপ্তাহৰ ভিতৰত ভাঙি পেলোৱা হ’ব বিধায়ক আৱাসৰ সকলো অসম আৰ্হিৰ ঘৰ। ইতিমধ্যে বিধায়ক আৱাস খালী কৰিবলৈ জাৰি কৰা হৈছে জাননী।

উল্লেখ্য যে, ২০ জুলাই, অৰ্থাৎ আজিৰ ভিতৰত বিধায়ক আৱাসৰ অসম আৰ্হিৰ ঘৰসমূহ ভাঙি পেলোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছিল যদিও পুনৰ এসপ্তাহ অপেক্ষা কৰিব বিধানসভা সচিবালয়ে।

বিধায়কসকলে বিধায়কৰ আৱাস খালী কৰাৰ পিছত ঘৰভাড়াৰ নামত প্ৰতিমাহে লাভ কৰিব ৫০ হাজাৰ টকাকৈ।

ইফালে বিধায়ক আৱাসৰ অসম আৰ্হিৰ ঘৰসমূহ ভাঙি পেলোৱাৰ পিছত সেই স্থানত নিৰ্মাণ কৰা হ’ব ১০ মহলীয়া অট্টালিকা। অহা ছেপ্টেম্বৰ মাহৰ পৰা তিনিটা অট্টালিকা নিৰ্মাণৰ কাম আৰম্ভ কৰি ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লৈছে বিধানসভা সচিবালয়ে।

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে জানিবলৈ দিয়া মতে, নিৰ্মাণ কৰিবলগীয়া দুটা বিল্ডিং বিধায়কৰ বাবে আৰু এটা বিল্ডিং ষ্টাফৰ বাবে হস্তান্তৰ কৰা হ’ব।