প্ৰাক্তন বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ মৃত্যু…

সোণাই সমষ্টিৰ প্ৰাক্তন বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ মৃত্যু।

সোমবাৰে নিশা হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় প্ৰাক্তন বিধায়কগৰাকীৰ।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৮ বছৰ।

১৯৯৬ চনত অসম গণ পৰিষদৰ সমৰ্থিক প্ৰাৰ্থী হিচাপে অসম বিধানসভালৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল আনোৱাৰ হুছেইন লস্কৰ।

পৰৱৰ্তী সময়ত ২০০১ চনৰ নিৰ্বাচনতো দলটোৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল লস্কৰ।

পৰৱৰ্তী সময়ত অৱশ্যে তেওঁ অসম গণ পৰিষদ ত্যগ কৰি সমাজবাদী পাৰ্টীত যোগদান কৰে।

তেওঁৰ মৃত্যুত সমগ্ৰ কাছাৰ জিলাত পৰিছে শোকৰ ছাঁ।