ভয়ংকৰ পথ দুৰ্ঘটনা! তীব্ৰবেগী স্কৰপিঅ’ৰ খুন্দাত থিতাতে নিহত এজন…

এক শোকাৱহ পথ দুৰ্ঘটনা।

তীব্ৰবেগী স্কৰপিঅ’ৰ খুন্দাত থিতাতে নিহত এজন।

মঙলবাৰে বিহপুৰীয়াত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে, এখন তীব্ৰবেগী স্কৰপিঅ’ বাহনে পিছফালৰ পৰা মহটিয়াই নিয়ে লোকজনক। ফলত থিতাতে লোকজন নিহত হয়।

নিহত লোকজনক বিহপুৰীয়াৰ ৩ নং ৱাৰ্ডৰ মুমতাজ ওৰফে মুন্না আলি বুলি জানিব পৰা গৈছে ।

শাৰীৰিক ভাৱে কিছু অক্ষম লোকজনে ৰাস্তা পাৰ হবলৈ লঁওতেই তীব্ৰবেগী স্কৰপিঅ’ বাহনখনে তেওঁক মহতিয়াই নিয়ে বুলি স্থানীয় প্ৰত‍ক্ষ‍্যদৰ্শী ৰাইজে জানিবলৈ দিয়ে।

ইফালে দুৰ্ঘটনাটো সংঘটিত কৰি নিয়ন্ত্ৰণ হেৰুৱাই স্কৰপিঅ’ বাহনখনে ওচৰৰে আন এখন ব‍্যৱসায়ীক প্ৰতিষ্ঠানত খুন্দা মৰাত প্ৰতিষ্ঠান খনৰ বিস্তৰ ক্ষতি সাধন হয় লগতে আন এজন লোকৰ কথমপি প্ৰাণৰক্ষা পৰে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলিত বিহপুৰীয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

লগতে দুৰ্ঘটনা সংঘটিত হোৱা বাহনখনৰ চালক সহ বাহনখন জব্দ কৰে।