NRC কাৰ্যালয়ত নহয়, পতাকা উত্তোলন কৰিহে প্ৰমাণ দিব লাগিব ভাৰত মাতাৰ সন্তানঃ মুখ্যমন্ত্ৰী

ওদালগুৰিত সৌৰ শক্তি প্ৰকল্পৰ আনুষ্ঠানিক উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

অনুষ্ঠানত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

ভাষণত সকলোকে অহা ১৫ আগষ্টত পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী শৰ্মাই।

তেওঁ কয়- NRC কাৰ্যালয়ত নহয়, পতাকা উত্তোলন কৰিহে প্ৰমাণ দিব লাগিব যে প্ৰকৃত ভাৰত মাতাৰ সন্তান।

তেওঁ প্ৰত্যেককে ৰেচনৰ দোকানৰ পৰা ১৬ টকাত ৰাষ্ট্ৰীয় পতাকা কিনিবলৈও আহ্বান জনায়।

লগতে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ সকলোকে ঘৰতে পতাকা উত্তোলনৰ আহ্বান জনায়।