চাঞ্চল্যকৰ! একেলগে কৰ্তব্য সম্পাদন কৰি থকা সময়তে ৩ সতীৰ্থ জোৱানক গুলীয়াই হত্যা আৰক্ষী জোৱান

নিউজ ডেস্কঃ এক লোমহৰ্ষক কাণ্ড সংঘটিত হৈছে ৰাজধানী দিল্লীৰ ৰোহিনী অঞ্চলত! ছিকিম আৰক্ষীৰ এগৰাকী জোৱানৰ নিৰ্বিচাৰ গুলীবৰ্ষণত সোমবাৰে প্ৰাণ হেৰুৱাবলগীয়া হয় আন ৩ সতীৰ্থ জোৱানে।

সোমবাৰে বিয়লি প্ৰায় ৩ বজাত সংঘটিত এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, ছিকিম আৰক্ষীৰ জোৱান লেন্স নায়ক প্ৰবীন ৰায়ৰ গুলীবৰ্ষণত দুজন জোৱানৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

আনহাতে গুৰুতৰভাৱে আহত আন এগৰাকী জোৱানক আৰক্ষীয়ে হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে তেওঁকো মৃত ঘোষণা কৰে।

photo1658207521
চাঞ্চল্যকৰ! একেলগে কৰ্তব্য সম্পাদন কৰি থকা সময়তে ৩ সতীৰ্থ জোৱানক গুলীয়াই হত্যা আৰক্ষী জোৱান 4

নিহত জোৱান কেইগৰাকীক ক্রমে- কমাণ্ডাৰ পিন্টো নামগিয়াল ভূটীয়া, ইন্দ্ৰলাল চেত্রী আৰু ধানহাৎ চুব্বা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে, প্ৰবীণ ৰায়ৰ গুলীচালনাত পিণ্টো ভূটীয়া আৰু ইন্দ্ৰনাল চেত্ৰীৰ ঘটনাস্থলীতে মৃত্যু ঘটে। আনহাতে ধানহাৎ চুব্বাৰ মৃত্যু ঘটে হাস্পতালত।

ৰোহিনীত অৱস্থিত হাইদৰপুৰ ৱাটাৰ ট্রিটমেন্ট প্লাণ্টত জোৱান কেইজন নিয়োজিত হৈ থকা সময়তে সংঘটিত হয় এই ভয়ংকৰ কাণ্ড। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত ৩২ বৰ্ষীয় ছিকিম আৰক্ষীৰ জোৱান প্ৰবীণ ৰায়ক গ্ৰেপ্তাৰ কৰিছে।

অৱশ্যে কি কাৰণে প্ৰবীণ ৰায়ে এই হত্যাকাণ্ড সংঘটিত কৰিলে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু ব্যক্তিগত কাজিয়াৰ পৰিণতিতে তিনি সতীৰ্থ জোৱানক প্ৰবীণ ৰায়ে গুলীয়াই হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, হত্যাকাৰী প্রবীণ ৰায় ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়নৰ জোৱান আছিল। ভূটীয়া আৰু ৰায় ২০১২ বেছৰ জোৱান হোৱাৰ বিপৰীতে চুব্বা আৰু চেত্ৰী আছিল ২০১৩ বেছৰ।

লগতে চাওকঃ

দুঃসাহসিক! চাইকেলসহ নৈত পৰিল এজন লােক, নৈত জাঁপ দি জীৱন ৰক্ষা কৰিলে এগৰাকী মহিলাই…

G3 1
চাঞ্চল্যকৰ! একেলগে কৰ্তব্য সম্পাদন কৰি থকা সময়তে ৩ সতীৰ্থ জোৱানক গুলীয়াই হত্যা আৰক্ষী জোৱান 5

বৰ্ষাশ্ৰীৰ পাছত এইবাৰ প্ৰমোদ, ফেচবুক পােষ্টত ‘ককাইদেউ’ৰ সমৰ্থনত ‘কমেন্ট’ কৰি ৰঙাঘৰত…

G4 3
চাঞ্চল্যকৰ! একেলগে কৰ্তব্য সম্পাদন কৰি থকা সময়তে ৩ সতীৰ্থ জোৱানক গুলীয়াই হত্যা আৰক্ষী জোৱান 6