প্ৰখৰ ৰ’দকো নেওচি চাইকেল চলাই প্ৰধানমন্ত্ৰীৰ আৱাসগৃহ নিৰ্মাণৰ কাম-কাজৰ বুজ ল’লে বিধায়ক পদ্ম হাজৰিকাই।
চৰকাৰী আচঁনিৰ সফল ৰূপায়ণ তথা প্রধানমন্ত্ৰীৰ আৱাসগৃহ আচঁনি নিজৰ সমষ্টিত সঠিকভাৱে ৰূপায়ণ হৈছে নে নাই তাৰ বুজ লোৱাৰ বাবে নিজা সমষ্টিৰ গাঁৱে গাঁৱে চাইকেল চলাই স্বচক্ষে পর্যৱেক্ষণ কৰিলে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই।

পুৱাই বিধায়কগৰাকীয়ে সমষ্টিটোৰ পঞ্চায়তৰ জনপ্রতিনিধিসকলক লগত লৈ চাইকেলেৰে পেডেল মাৰি মাৰি হিতাধিকাৰীৰ ঘৰত উপস্থিত হৈ চৰকাৰী আৱাসগৃহ সঠিকভাৱে নিৰ্মাণ হৈছেনে নাই সেয়া পর্যবেক্ষণ কৰে।
চতিয়া সমষ্টিৰ অন্তৰ্গত ১৯ খন গাঁও পঞ্চায়ততে চৰকাৰী আচঁনিৰ সঠিক ৰূপায়ণ হোৱাত সৰ্বতোপ্ৰকাৰৰ গুৰুত্ব আৰোপ কৰিছে বিধায়কগৰাকীয়ে।

ইফালে, সমষ্টিটোত নিৰ্মাণ হোৱা প্ৰধানমন্ত্ৰীৰ আৱাসগৃহসমূহৰ ভিতৰত প্ৰতিটো পঞ্চায়ততে যিগৰাকী হিতাধিকাৰীয়ে ভালকৈ গৃহটো নিৰ্মাণ কৰি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ’ব, সেইগৰাকী হিতাধিকাৰীক একোটাকৈ টেলিভিছন উপহাৰ দিয়াৰ কথাও ঘোষণা কৰিছে বিধায়কগৰাকীয়ে।
চৰকাৰী আচঁনিৰ সফল ৰূপায়ণৰ বাবে বিধায়কগৰাকীয়ে নিজৰ সমষ্টিত লোৱা এই পদক্ষেপ ইতিবাচক হিচাপে বিবেচিত হৈছে।
লগতে চাওকঃ










