জনতাৰ মূৰত ৰামটাঙোন! আজিৰে পৰা দাম বৃদ্ধি পালে বহু খাদ্য, ঘৰুৱা ব্যৱহাৰ্য্য সামগ্ৰীত দাম…

সাধাৰণ জনতাৰ মূৰত পুনৰ ৰামটাঙোন।

আজিৰে পৰা দাম বৃদ্ধি পাব কেইবাবিধো সা-সামগ্রীৰ।

GST ৰ ফলত বহু খাদ্য, ঘৰুৱা সামগ্ৰীত বাঢ়িব দাম।

নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি হাস্পতাল, হোটেলৰ কোঠাৰ সেৱালৈ বৃদ্ধি পাব GST।

১৫ ৰ পৰা ১২ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ল GST ।

দৈ, পনীৰ, গুড়, মৌ, মুড়ী, চিৰা, চাউল, আটা আদিত বাঢ়িব দাম।

দাম বাঢ়িব LED লাইট, চামৰাৰ সামগ্রী, হাস্পতালৰ কোঠাৰ।

চাউল, ময়দা, আটা, মুড়ী, পিঠাগুৰি ,আখৈ গাখিৰ, দৈ, লাচি, বাটাৰমিল্ক আদিত ৫ শতাংশ জিএছটি আৰোপ কৰা হৈছে।

image 174
জনতাৰ মূৰত ৰামটাঙোন! আজিৰে পৰা দাম বৃদ্ধি পালে বহু খাদ্য, ঘৰুৱা ব্যৱহাৰ্য্য সামগ্ৰীত দাম... 2

চিঞাহী, পেঞ্চিল , ব্লেড, দুগ্ধজাত সামগ্ৰি প্ৰস্তুতত ব্য়বহাৰ্য মেচিন আদিৰ ক্ষেত্ৰত ১৮ শতাংশ জিএছটি বৃদ্ধি পাব।

আনহাতে হোটেলৰ কোঠা ,৫ হাজাৰ টকাতকৈ অধিক মূল্যৰ ICU আদিত ১২ শতাংশ জিএছটি আৰোপ কৰা হৈছে।

সকলো ধৰণৰ পেকেটজাত গুৰৰ ওপৰতো লাগিব ৫ শতাংশ জিএছটি।

কেন্দ্ৰিয় চৰকাৰে দেশৰ ১৩৯৯ বিধ সামগ্ৰীত জিএছটি আৰোপ কৰাৰ বিপৰীতে জিএছটিৰ পৰা মুক্ত হৈ আছে মাত্ৰ ১৬৮ বিধ সামগ্ৰী।