নিউজ ডেস্কঃ অতি কম মাচুল লৈ সমাজৰ সকলো শ্ৰেণীৰ লোকক চিকিৎসা সেৱা প্ৰদান কৰা অহা নাজিৰাৰ মানৱদৰদী চিকিৎসক হিচাপে পৰিচিত বিপুল হাতীকাকতীৰ যোৱা শনিবাৰে চেন্নাইৰ এপল’ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে।
বিগত প্ৰায় এমাহ ধৰি চেন্নাইৰ এপল’ হাস্পতালত চিকিৎসাধীন হৈ থকা ডা০ হাতীকাকতীৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ নাজিৰাবাসীক।
‘চেপ্টিমেচিয়া’ ৰোগত আক্ৰান্ত হৈ থকা ডা০ বিপুল হাতীকাকতীৰ এপল’ হাস্পতালত সম্পন্ন হৈছিল দুটাকৈ অস্ত্ৰোপচাৰ। কিন্তু চিকিৎসকৰ অশেষ প্ৰচেষ্টাৰ পিছতো তেওঁ জীৱন ঘূৰাই নাপালে। শনিবাৰে নিশা প্ৰায় ১০.২৫ বজাত ৬৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে হাতীকাকতীয়ে।

উল্লেখ্য যে, ১৯৫৪ চনত নাজিৰাত জন্ম গ্ৰহণ কৰা বিপুল হাতীকাকতীয়ে নাজিৰাৰ অসম কোম্পানী ল’ৰা প্ৰাথমিক বিদ্যালয়ত প্রাথমিক শিক্ষা আৰু নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰপৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হৈ মেধাৰ বলত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্তি কৰে।
১৯৭৮ চনত তেওঁ এম বি বি এছ ডিগ্রী গ্ৰহণ কৰি চৰকাৰী চিকিৎসক হিচাপে নিযুক্তিৰ সুযোগ লাভ কৰে যদিও তেওঁ নাজিৰা নগৰৰ ধোদৰ আলিৰ কাষত নিজ গৃহৰ সমুখতে ব্যক্তিগত চিকিৎসা কক্ষ খুলি চিকিৎসা সেৱা আৰম্ভ কৰে।

ৰোগীৰ আৰ্থিক অৱস্থালৈ চাই মাত্ৰ ২০ টকাৰ পৰা ১০০ টকাৰ ভিতৰত মাচুল গ্ৰহণ কৰি বিগত ৪টা দশক চিকিৎসা সেৱা আগবঢ়াই অহা চিকিৎসক ডা০ বিপুল হাতীকাকতী অঞ্চলটোত মানৱদৰদী চিকিৎসক হিচাপে পৰিচিত হৈ পৰিছিল। নাজিৰাৰ বামুণপুখুৰী চাহ বাগিচাতো তেওঁ চিকিৎসক হিচাপে নিযুক্তি গ্ৰহণ কৰি শ্ৰমিক ৰাইজলৈও সেৱা আগবঢ়ায়।
নাজিৰা নাট্য মন্দিৰ, নাজিৰা পূজা মন্দিৰ, নাজিৰা জিলা ক্ৰীড়া সন্থা আদি বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ অহা ডা০ হাতীকাকতীৰ মৃত্যুৰ বাতৰিয়ে মৰ্মাহত কৰিছে সমগ্ৰ নাজিৰাবাসীক। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু একমাত্ৰ চিকিৎসক কন্যাৰ লগতে আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।









