অসমঅসমীয়া

বহী পুনৰীক্ষণৰ পিছত মেট্ৰিকত ষষ্ঠ স্থান লাভ প্ৰাৰ্থনাৰ…

নিউজ ডেস্ক। বহী পুনৰীক্ষণৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান লাভ কৰিলে এগৰাকী ছাত্ৰীয়ে।

এই ছাত্ৰীগৰাকী হৈছে শিৱসাগৰ জিলাৰ শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী প্ৰাৰ্থনা দত্ত।

প্ৰাৰ্থনা দত্ত শলগুৰি অঞ্চলৰ প্ৰয়াত তিলক দত্ত আৰু জুৰি শইকীয়া দত্তৰ একমাত্ৰ কন্যা ।

image 151

উল্লেখ্য যে একেখন বিদ্যালয়ৰে পৰা উচ্চতৰ মাধ্যমিকত দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল দেবীস্তুতি হাজৰিকা নামৰ ছাত্ৰী গৰাকী।

সাধাৰণ বিজ্ঞানত মাত্ৰ ৬৭ নম্বৰ পোৱা বাবেই স্থান লাভৰ পৰা বঞ্চিত হৈছিল ছাত্ৰীগৰাকী। কিন্তু ইয়াতে অসন্তুষ্ট হৈ ছাত্ৰীগৰাকীয়ে পুনৰীক্ষণৰ বাবে ছেবা কৰ্তৃপক্ষৰ ওচৰত আবেদন জনায়।

ইয়াৰ পিছতে বহী পুনৰীক্ষণত প্ৰাৰ্থনা দত্তই ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

image 152

শুকুৰবাৰে ছেবাৰ সদস্য উমেশ শর্মা, পবিত্রপ্রাণ ভট্টাচার্য, ফাদাৰ ডেনিয়েল, বিপুল কুমাৰ দাস আৰু জিলা শিক্ষা বিষয়া কমলজ্যোতি গগৈ ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ মেধাৱী ছাত্ৰীগৰাকীয়ে সাধাৰণ বিজ্ঞানত ৯৯ নম্বৰ লাভ কৰি অসমৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰাৰ বিষয়ে অৱগত কৰি ছাত্ৰীগৰাকীক অভিনন্দন জনোৱাৰ লগতে মার্কশিট আৰু উত্তীর্ণৰ প্ৰমানপত্ৰ প্ৰদান কৰে।

মাত্ৰ তিনিবছৰ বয়সতে পিতৃক হেৰুওৱা ছাত্ৰী গৰাকীৰ পৰিয়াল তথা অধ্যয়ন কৰা বিদ্যালয়খনত আনন্দৰ জোৱাৰ ।

একে সময়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে এক গুৰুত্বপূৰ্ণ পৰীক্ষাত এনে ধৰণৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বিপৰীতে ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।

image 153

ইপিনে, প্ৰাৰ্থনা দত্তৰ দৰেই আন এগৰাকী ছাত্ৰই বহী পুনৰীক্ষণৰ জৰিয়তে মেট্ৰিকৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰতে দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

এই ছাত্ৰগৰাকী হৈছে ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অবিনাশ চহৰীয়া। পুনৰ পৰীক্ষা নিৰীক্ষণ কৰাত অবিনাশ চহৰীয়াই লাভ কৰিছে দশম স্থান।

বহী নিৰীক্ষণত হােৱা ভুলৰ বাবে পূৰ্বে ঘােষিত ফলাফলত ছাত্ৰজনে সাধাৰণ গণিতত মাত্ৰ ৫৬ নম্বৰহে পাইছিল।

ইয়াৰ পিছত পুনৰ নিৰীক্ষণত ১০০ নম্বৰ পাবলৈ সক্ষম হ’ল অবিনাশ চহৰীয়াই।

লগতে চাওকঃ

চলন্ত স্কুটীতে লেপটপ লৈ কামত ধৰিলে যুৱকে, ভাইৰেল আলোকচিত্ৰ

G9

One thought on “বহী পুনৰীক্ষণৰ পিছত মেট্ৰিকত ষষ্ঠ স্থান লাভ প্ৰাৰ্থনাৰ…”

Comments are closed.