অসম

অসম-অৰুণাচল সীমা বিবাদ সন্দৰ্ভত মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক, ১৫ ছেপ্টেম্বৰৰ ভিতৰত সমস্যা সমাধানৰ প্ৰয়াস…

অসম-অৰুণাচল সীমা বিবাদ সন্দৰ্ভত মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক সম্পন্ন।

শুক্ৰবাৰে অৰুণাচলৰ নামচাইত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত সীমা বিবাদক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। 

বৈঠকত অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ মাত এখন কমিটী গঠন কৰা হয়।

image 146

উক্ত কমিটীখনে ২০২২ চনৰ ১৫ ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব।

আজিৰ বৈঠকতে দুয়োখন ৰাজ্যৰ মাজত বিবাদিত অঞ্চল হিচাপে বিবেচিত গাঁৱৰ সংখ্যা পূৰ্বৰ ১২৩ খনৰ পৰা ৮৬খনলৈ সীমিত কৰাৰ পাৰস্পৰিক বুজাবুজিত উপনীত হয়।

লগতে অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত এই ৮৬খন গাঁৱৰ ভিতৰত সৰ্বাধিক সংখ্যক গাঁৱৰ ক্ষেত্ৰত থকা সমস্যাসমূহৰ সমাধানৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

image 147

বৈঠকত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে বিবাদমান এলেকাক লৈ সহমতত উপনীত হৈ কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰি চুক্তিত স্বাক্ষৰ কৰে।

উল্লেখযোগ্য যে অসম-অৰুণাচলৰ সীমা বিবাদ দীৰ্ঘদিনীয়া হোৱাত উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে। সেয়েহে দুয়োখন ৰাজ্যই ন্যায়ালয়ৰ বাহিৰত থাকি সীমা সমস্যা সমাধানৰ বাবে নীতিগত সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে।

বৈঠকত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰি দুয়োখন ৰাজ্যৰ কেইবাগৰাকী মন্ত্রী আৰু শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে।

image 148

অসম-মেঘালয়ৰ সীমা বিবাদ মীমাংসা কৰাৰ দৰে অসম-অৰুণাচলেও ১২খন আঞ্চলিক কমিটী গঠন কৰিছে।

এই আঞ্চলিক কমিটীয়ে দুয়োখন ৰাজ্যই দাবী কৰাৰ ফলত বিবদমান বুলি চিহ্নিত হৈ থকা ১২৩খন গাঁও যৌথভাৱে পৰিদৰ্শন কৰিব। অৱশ্যে আজিৰ বৈঠকত বিবাদমান গাঁৱৰ সংখ্যা ৮৬ লৈ সীমিত কৰা হয়।

উল্লেখ্য যে, অসম চৰকাৰৰ ৰাজহ বিভাগৰ হাতত অৰুণাচলৰ সীমান্তত থকা অসমৰ ৮খন জিলাৰ ভিতৰত ৬খন জিলাৰ মাটি দখল কৰাৰ তথ্য আছে । ওদালগুৰি আৰু তিনিচুকীয়া জিলাৰ মাটিত অৰুণাচলৰ দখল নাই।

image 149

কিন্তু ইয়াৰ বিপৰীতে শোণিতপুৰ জিলাত ১.০৮ হেক্টৰ, বিশ্বনাথত ৪৭৫১.০০ হেক্টৰ, লখিমপুৰত ১৯৭৫.৪১ হেক্টৰ, ধেমাজিত ১০৫৫.৭৪ হেক্টৰ, ডিব্ৰুগড় জিলাত ১০ হেক্টৰ আৰু চৰাইদেউ জিলাত ৬০২.০১ হেক্টৰ অসমৰ মাটি অৰুণাচলে দখল কৰাৰ তথ্য ৰাজহ বিভাগৰ হাতত আছে।

image 150

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০ এপ্ৰিলত গুৱাহাটীত দুয়োখন ৰাজ্যৰ মাজত থকা সীমা সমস্যাক লৈ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল।