বিভিন্ন সময়ত বিভিন্ন কাৰণত ৰে’ল বাতিল হোৱা আপুনি নিশ্চয় শুনিছে।
কিন্তু ৰে’ল বাতিল হোৱাৰ পিছত যাত্ৰীক গাড়ীৰে গন্তব্যস্থল পোৱাত ৰে’ল কৰ্তৃপক্ষই সহায় কৰা শুনিছেনে?
আচৰিত যেন লাগিলেও তেনেই এক ঘটনা সংঘটিত হৈছে গুজৰাটৰ।
ট্রেইন বাতিল হোৱাত এজন ছাত্রক গাড়ী ভাৰা কৰি গন্তব্য ষ্টেচন পোৱালে ভাৰতীয় ৰেল বিভাগে।
উল্লেখ্য যে, প্ৰবল বৰষুণত ফলত গুজৰাটৰ অধিক শোচনীয় হৈ পৰিছে বান পৰিস্থিতি। ৰেললাইনত পানী জমা হোৱাৰ বাবে বিভিন্ন ৰুটত ট্ৰেইন বাতিল কৰিবলগীয়া হৈছে। বুধবাৰেও একতানগৰৰ পৰা বডোদৰা যোৱা কে’বাখনো ট্রেইন বাতিল হয়।
কিন্তু ট্রেইন বাতিল হোৱাৰ পিছত এজন ছাত্রক গাড়ী ভাৰা কৰি গন্তব্য ষ্টেচন পোৱালে ভাৰতীয় ৰে’ল কৰ্তৃপক্ষই।
গুজৰাটৰ একতানগৰৰ পৰা বডোদৰা যোৱা ট্রেইনৰ টিকিট কাটিছিল আইআইটি মাদ্রাজৰ এজন ছাত্রই। দুঘণ্টাৰ ৰাস্তা তেওঁক পথেৰেই পোৱাই দিয়া হয় ৰেলৰ তৰফৰ পৰা।
पश्चिम रेलवे के चाँदोद – एकता नगर रेल खंड के क्षतिग्रस्त होने के कारण रेल यातायात बंद होने से 20920 एकतानगर- एमजीआर चेन्नई सेंट्रल के एकता नगर – वडोदरा के बीच निरस्त होने के कारण इस ट्रेन के एकतानगर से एकमात्र यात्री को कार से वडोदरा पहुँचाया गया @WesternRly @RailMinIndia pic.twitter.com/6kzLaxCYwu
— DRM Vadodara (@DRMBRCWR) July 13, 2022
এই কথা ভিডিঅ’যোগে শ্বেয়াৰ কৰি ছাত্রজনে কৈছে- ‘মই মাদ্রাজ আইআইটিৰ এয়াৰস্পেছ বিভাগৰ ছাত্র। আজি ভাৰতীয় ৰেলৰ একতানগৰ আৰু বডোদৰা ষ্টেছনৰ ৰেল কর্মচাৰীসকলে মোক গন্তব্য স্থানত পোৱাই দিয়াত যিদৰে সহায় কৰিছে, তাত মই আপ্লুত।
উল্লেখ্য যে, একতানগৰৰ পৰা বডোদৰাত গৈ তাৰ পৰা চেন্নাইলৈ যোৱা ট্রেইন ধৰাৰ কথা আছিল ছাত্রজনৰ। ২০৯২০ একতানগৰ-বডোদৰা ট্রেইনৰ যাত্রী আছিল ছাত্ৰজন।









