নিউজ ডেস্কঃ ২৪ বছৰ পূৰ্বে নিৰ্মাণ কৰা অসমৰ এখন অন্যতম দলঙে এতিয়া যাত্ৰীৰ বাবে নমাই আনিছে ভয়াবহ সংকট। কৰ্তৃপক্ষৰ হেমাহি আৰু চৰম গাফিলতিৰ অভাৱত খলপা খলপে এৰিছে দলঙৰ ওপৰৰ অংশ। দীৰ্ঘদিন ধৰি মেৰামতি নকৰাত দলঙৰ ওপৰত ঠায়ে ঠায়ে সৃষ্টি হৈছে গাতৰ। যাাৰ বাবে যাত্ৰীৰ বাবে দুৰ্ঘটনাৰ সংকট নমাই আনিছে এই দলংখনে।
উল্লেখ্য যে, ১৯৯৮ চনৰ ১৫ এপ্ৰিলত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে উদ্বোধন কৰিছিল দুখলপীয়া ‘নৰনাৰায়ণ সেতু’। ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ কৰা এইখন আছিল অসমৰ তৃতীয়খন দল।
দলংখনৰ ওপৰৰ খলপেৰে চলে যানবাহান। আনহাতে তলৰ খলপেৰে চলে ৰে’ল। সমন্বয়ৰ সাঁকো হিচাপে পৰিচিত এই নৰনাৰায়ণ সেতুৰ এতিয়াৰ অৱস্থাই উদ্বিগ্ন কৰিছে দলং খনেৰে অহা যোৱা কৰা যাত্ৰীসকলক।

কৰ্তৃপক্ষৰ হেমাহিৰ ফলতে দলংখনৰ ওপৰৰ খলপৰ ঠায়ে ঠায়ে বখলা এৰি গৈ ভিতৰৰ লোৰ জালি দেখা পোৱা হৈছে। সময়ৰ লগে ক্ৰমাৎ ডাঙৰ আৰু বহল হৈ গৈ আছে দলঙৰ ওপৰত সৃষ্ট গাঁতসমূহ। যাৰ ফলত ইতিমধ্যে সংঘটিত হৈছে বহু দুৰ্ঘটনা।
দলংখনৰ মেৰামতি নকৰিলে অনাগত সময়ত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰো আশংকা বৃদ্ধি পাইছে। ইফালে দলঙৰ কাষে কাষে থকা লাইটসমূহৰ অধিকাংশই এতিয়া নজ্বলা হৈ পৰিছে। পোহৰৰ সঠিক ব্যৱস্থা নথকাৰ বাবেই বাহনৰ খুন্দাত ভাগি উফৰি পৰিছে দলঙৰ ৰেলিং।

এনে পৰিপ্ৰেক্ষিতত দলখনৰ নিৰাপত্তাক লৈও প্ৰশ্নৰ উত্থাপন হৈছে। সেতুখনত নিৰাপত্তাৰ বাবে থকা উচ্চ ক্ষমতা সম্পন্ন টাৱাৰ লাইট সমূহো নজ্বলা হোৱাত একপ্ৰকাৰ নিশা অন্ধকাৰত বুৰ যায় দলংখন। গতিকে দলংখনৰ পুনৰ মেৰামতিৰ কাম শীঘ্ৰে আৰম্ভ কৰিবলৈ আহ্বান জনাইছে সচেতন মহলে।









