নিউজ ডেস্কঃ গৰমে দহিছে সমগ্ৰ ৰাজ্য। ঠায়ে ঠায়ে মাজে মাজে পাতল বৰষুণ এজাক নামিছে যদিও শাম কটা নাই গৰমৰ প্ৰকোপ। সূৰ্য দেৱতাৰ ৰুদ্ৰমূৰ্তিয়ে ভীষণ অস্বস্তিত পেলাইছে ৰাজ্যবাসীক।
প্ৰচণ্ড গৰমৰ বাবেই মহাবিদ্যালয়ৰ নামভৰ্তিৰ সময়তে এগৰাকী মেধাৱী ছাত্ৰৰ হিট ষ্ট্ৰোক হৈ মৃত্যু ঘটাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে তেজপুৰত। বুধবাৰে দৰং মহাবিদ্যালয়ৰ স্নাতন মহলাৰ কলা শাখাৰ নামভৰ্তিৰ সময়তে গৰমৰ বাবে হঠাৎ ঢলি পৰি মৃত্যুক সাৱটি লয় ছাত্ৰজনে।
জানিব পাৰ মতে, বুধবাৰৰ পৰা আৰম্ভ হৈছে দৰং মহাবিদ্যালয়ৰ স্নাতক কলা শাখাৰ নামভৰ্তি প্ৰক্ৰিয়া। দুদিনীয়াকৈ অনুষ্ঠিত এই নামভৰ্তি প্ৰক্ৰিয়াৰ প্ৰথম দিনটোতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকেৰে ভৰি পৰে মহাবিদ্যালয়খনৰ চৌহদ।
নামভৰ্তি চলি থকা প্ৰেক্ষাগৃহতো শিক্ষাৰ্থী আৰু অভিভাৱকৰে সৃষ্টি হয় অস্বস্তিকৰ পৰিৱেশৰ। প্ৰচণ্ড গৰমৰ মাজত অত্যাধিক লোকৰ সমাগমে সৃষ্টি কৰে এক অনাহূত পৰিস্থিতিৰ।

মহাবিদ্যালয়খনত নামভৰ্তি কৰিবলৈ অহা ভাৰ্গৱজ্যোতি বৰা নামৰ এগৰাকী ছাত্ৰ এই অস্বস্তিকৰ পৰিৱেশৰ মাজতে হঠাৎ অচেতন হৈ ঢলি পৰাত হুৱাদুৱা লাগে। লগে লগে ছাত্ৰজনক অভিভাৱক আৰু বন্ধু-বান্ধৱীয়ে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে ছাত্ৰজনক তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ নিয়াৰ পৰামৰ্শ দিয়ে।
কিন্তু পৰিয়ালে ছাত্ৰজনক মেডিকেল হাস্পতাললৈ নিনি তেজপুৰ মিছন হাস্পতাললৈ লৈ যায়। য’ত চিকিৎসকে মৃত ঘোষণা কৰে ভাৰ্গৱজ্যোতি বৰাক। ‘হিট ষ্ট্ৰোক’ৰ বাবেই ছাত্ৰজনৰ মৃত্যু ঘটা বুলিও নিশ্চিত কৰে চিকিৎসকে।
উল্লেখ্য যে, তেজপুৰ কলিবাৰী নিৱাসী গোলাপ বৰাৰ পুত্ৰ ভাৰ্গৱজ্যোতি বৰা (১৯)ই তেজপুৰৰ ইন্সপায়াৰ একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ ৮১ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।

ইয়াৰ পিছতে মেধাৱী ছাত্ৰজনে দৰং মহাবিদ্যালয়ত ৰাজনীতি বিভাগক মূল বিষয় হিচাপে লৈ নামভৰ্তি কৰিবলৈ আহিছিল। কিন্তু নামভৰ্তি কৰাৰ পূৰ্বেই প্ৰচণ্ড গৰমৰ ফলত অকাল মৃত্যুক সাৱটি লয় ভাৰ্গৱজ্যোতিয়ে।
ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখা মেধাৱী ছাত্ৰজনৰ এই অকাল মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।
ইফালে নামভৰ্তিৰ সময়ত প্ৰেক্ষাগৃহত অত্যাধিক ভিৰ হোৱাৰ কথা স্বীকাৰ কৰি ভাৰ্গৱজ্যোতি বৰা নামৰ ছাত্ৰজনৰ মৃত্যু দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে দৰং মহাবিদ্যালয়ৰ অধ্যক্ষই।









