কাৰাবন্দী বৰ্ষাশ্ৰী! মেধাৱী ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ কাৰণ ব্যাখ্যা অসম আৰক্ষীৰ বিশেষ ডিজিপি জিপি সিঙৰ…

নিউজ ডেস্কঃ যোৰহাটৰ মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ মুক্তি দাবীত সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন। সমান্তৰালভাৱে বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবী উত্থাপন হৈছে সামাজিক মাধ্যমতো।

এটা বৈপ্লৱিক চেতনাৰ কবিতাৰ বাবেই বিগত প্ৰায় দুমাহ ধৰি কাৰাবন্দী হৈ থকা যোৰহাটৰ টীয়ক থানাৰ অন্তৰ্গত এজাৰগুৰিৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ ১৯ বৰ্ষীয় ছাত্ৰীগৰাকীক লৈ বুধবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। তাৰ পিছতে টুইটযোগে গ্ৰেপ্তাৰৰ কাৰণ সদৰী কৰে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙেও।

photo1657706612
কাৰাবন্দী বৰ্ষাশ্ৰী! মেধাৱী ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ কাৰণ ব্যাখ্যা অসম আৰক্ষীৰ বিশেষ ডিজিপি জিপি সিঙৰ… 4

উল্লেখ্য যে, যোৱা ১৮ মে’ত উৰিয়ামঘাটৰ বান্ধৱীৰ ঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক। ডিচিবি কলেজৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰীগৰাকীৰ পৰীক্ষা অনুষ্ঠিত হ’ব ১৬ জুলাইৰ পৰা। সেইবাবেই এতিয়া সৰ্বত্ৰে বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবী সজোৰে উত্থাপন হৈছে।

এটা বৈপ্লৱিক ভাৱাদৰ্শৰ কবিতাৰ বাবেই আৰক্ষীয়ে মেধাৱী ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা বুলি চৰ্চা চলাৰ সময়তে বুধবাৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই কৈছিল যে কোনো কবিতাৰ বাবে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হোৱা নাই। বৰং সামাজিক মাধ্যমত নিজেই আলফালৈ যাম বুলি কোৱাৰ লগতে আনকো প্ৰৰোচিত কৰা বাবেহে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

ডিজিপি ভাস্কৰজ্যোতি মহন্তই কয়, ‘আইজনী তই আলফালৈ যাব নালাগে, জে’লতে থাক।’

অইনফালে বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰক লৈ মুখ খুলিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙেও। টুইটাৰ হেণ্ডেলত বিশেষ ডিজিপি গৰাকীয়ে কয় যে ‘আকৌ ৰাষ্ট্ৰদ্ৰোহ কৰিম’ শীৰ্ষক পোষ্ট সামাজিক মাধ্যমত কৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজ চলোৱাৰ বাবে আহ্বান জনোৱাৰ অপৰাধতহে গ্ৰেপ্তাৰ কৰা হৈছে বৰ্ষাশ্ৰীক।

photo1657706656
কাৰাবন্দী বৰ্ষাশ্ৰী! মেধাৱী ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ কাৰণ ব্যাখ্যা অসম আৰক্ষীৰ বিশেষ ডিজিপি জিপি সিঙৰ… 5

টুইটাৰত জিপি সিঙে লিখিছে, ‘যেতিয়া কোনোবাই ৰাজহুৱাভাৱে কোনো নিষিদ্ধ সংগঠনক সমৰ্থন জনাই ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ চলোৱাৰ উদ্দেশ্য ঘোষণা কৰে, তেতিয়া আমি সেই ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ চলাবলৈ আইনগতভাৱে বাধ্য। যথাযথ প্ৰক্ৰিয়াৰ পিছত যোগ্য আদালতত অভিযোগনামা দাখিল কৰিব লাগিব। আইনক নিজৰ কাম কৰিবলৈ দিয়ক।’

ইফালে বিশেষ ডিজিপি জিপি সিঙৰ এই টুইটৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ এটা ফেচবুক পোষ্ট। য’ত তেওঁ লিখিছিল- ‘বিপ্লৱী মনটোক যেতিয়া বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহীৰ আখ্যা দিয়া হয়, তেনেহ’লে মই এনেকুৱা হাজাৰটা ৰাষ্ট্ৰদ্ৰোহ কৰি যাম।’

ঘৰৰ একমাত্ৰ কন্যা বৰ্ষাশ্ৰী। মেট্ৰিক আৰু হায়াৰ চেকণ্ডাৰী পৰীক্ষাত লেটাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত গণিত বিষয়ত মেজৰ লৈ ডিচিবি কলেজত অধ্যয়ন কৰি আছিল তেওঁ। এগৰাকী অতি মেধাৱী ছাত্ৰী হোৱাৰ লগতে সামাজিকভাৱে দায়বদ্ধও আছিল তেওঁ।

photo1657706771
কাৰাবন্দী বৰ্ষাশ্ৰী! মেধাৱী ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ কাৰণ ব্যাখ্যা অসম আৰক্ষীৰ বিশেষ ডিজিপি জিপি সিঙৰ… 6

সেয়ে ১৯ বৰ্ষীয় কুমলীয়া মনটোত বিদ্ৰোহৰ উকমুকনিৰ সৃষ্টি হৈছিল কেতিয়াবা। সমাজতন্ত্ৰ, চৰাকৰতন্ত্ৰৰ বিৰুদ্ধে কেতিয়াবা বাঢ়িছিল আক্ষেপো। তেনে পৰিপ্ৰেক্ষিততে শব্দেৰে তেওঁ প্ৰকাশ কৰিছিল মনৰ অনুভূতি। কিন্তু মনৰ সেই অনুভূতিখিনিকে ‘ৰাষ্ট্ৰদ্ৰোহ’ আখ্যা দি বিগত প্ৰায় দুমাহ তেওঁক কাৰাবন্দী কৰি ৰখা কাৰ্যক সহজভাৱে মানি ল’ব পৰা নাই বহুতেই। যাৰ বাবে বৰ্ষাশ্ৰীক মুক্ত কৰি দিবলৈ দাবী উত্থাপন হৈছে সৰ্বত্ৰে।

অন্ততঃ ১৬ জুলাইত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষাত বৰ্ষাশ্ৰীয়ে অৱতীৰ্ণ হৈ যাতে নিজৰ ভৱিষ্যতক অন্ধকাৰৰ বাটৰ পৰা মোকলাই পোহৰলৈ লৈ যাব পাৰে, তাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছে বৰ্ষাশ্ৰীৰ পৰিয়াল তথা দল-সংগঠনে।